newsnextone.com | ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰৰ ছপিয়াত ভাৰতীয় সেনাই এক বৃহৎ সফলতা লাভ কৰিছে। সেনাই চলোৱা অভিযানত ৫ গৰাকী সন্ত্ৰাসবাদী নিহত হয়। শুকুৰবাৰে নিশা কাশ্মীৰৰ কিলোৰাত লষ্কৰৰ এগৰাকী কামাণ্ডাৰ লুকাই থকাৰ সম্ভেদ লাভ কৰিছিল সেনাই। প্ৰথমে সমগ্ৰ এলেকা ঘেৰি লৈ তীব্ৰ অভিযান চলাই।
Shopian: Stone pelters attempt to disrupt operations of security forces in Killora village where 5 terrorists were gunned down. Forces retaliated, 20 stone pelters injured. #JammuAndKashmir pic.twitter.com/uwQdhLtOBf
— ANI (@ANI) August 4, 2018
অভিযান কালত লষ্কৰৰ কামাণ্ডাৰ সেনাৰ গুলিত নিহত হয়। অভিযানস্থলিত পুনৰ শনিবাৰে পুৱা সংঘৰ্ষ আৰম্ভ হয়। পুনৰ ৪গৰাকী সন্ত্ৰাসবাদী নিহত হয়। জম্মু কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান এছপি বৈদে এয়া শান্তিৰ বাবে ভাল কাম বুলি অভিহিত কৰি টুইট কৰে।
লষ্কৰৰ কামাণ্ডাৰ ওমৰ মালিক আৰু আন আন সন্ত্ৰাসবাদীৰ মৃতদেহ উদ্ধাৰ হয়। মৃতদেহৰ সৈতে কেইবাটাও একে-৪৭ উদ্ধাৰ কৰে সেনাই। আকাশমাৰ্গৰেও সেনাই গুলিচালনা কৰিছিল। বৰ্তমানেও গাঁও এলেকাত কেইবাগৰাকী সন্ত্ৰাসবাদী লুকাই থকাৰ খবৰৰ ভিত্তিত অভিযান বৰ্তমানেও চলি আছে। এলেকাত ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ লগতে প্ৰতিঘৰত তালাচী আৰম্ভ কৰিছে সেনাই।