নগৰবেৰাঃ কামৰূপ গ্ৰাম্য জিলাৰ বকো বিধানসভা সমষ্টিৰ চমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত সোণতলী চৌধুৰীপাম গাঁও পঞ্চায়তৰ এটা পথ নিৰ্মাণৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
ৰাইজৰ অভিযোগ মতে ৫০নং সোণতলী চৌধুৰীপাম গাঁও পঞ্চায়তৰ অন্তৰ্গত ৪নং ৱাৰ্ডৰ ই এণ্ড ডি মথাউৰিৰ পৰা সোণতলী সত্ৰৰ গোলাম মহম্মদৰ ঘৰলৈ যোৱা পথটো নিৰ্মাণৰ বাবে এনৰেগা আঁচনিৰ পৰা পাঁচ লাখ টকাৰ অনুমোদন লাভ কৰিছিল। চৰকাৰী নিয়ম মতে জবকাৰ্ডৰ শ্ৰমিকৰ দ্বাৰা পথটোৰ কাম কৰাব লাগিছিল।
কিন্তু পঞ্চায়ত প্ৰতিনিধিসকলে জবকাৰ্ডৰ শ্ৰমিকৰ পৰিবৰ্তে ট্ৰেক্টৰেৰে কাম কৰাৰ লগতে পাঁচ লাখ টকাৰ মাত্ৰ পঞ্চাশ হাজাৰ টকাৰহে কাম কৰি বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে।
উল্লেখ্য যে নামমাত্ৰ কাম কৰা তথা জবকাৰ্ডৰ শ্ৰমিকৰ পৰিবৰ্তে ট্ৰেক্টৰেৰে মাটি পেলোৱা সন্দৰ্ভত একাংশ লোকে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু সামাজিক ন্যায় আয়োগৰ চমৰীয়া শাখা কাৰ্যালয়ৰ সভাপতি-সম্পাদকক লিখিত অভিযোগ দিয়াৰ উপৰি কামৰূপ জিলাৰ উপায়ুক্তক অভিযোগ দিয়া বুলি জানিব পৰা গৈছে।
ইফালে অভিযোগ দিয়া বুলি গম পাই নিশা কিছু কাম কৰা বুলি জানিব পৰা গৈছে। নামমাত্ৰ কাম কৰি বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ লগতে চৰকাৰী নীতি-নিয়ম উলংঘা কৰা পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে চৰকাৰক দাবী জনাইছে।