ডিজিটেল ডেস্কঃ দেশত আকৌ সংঘটিত হ’ল সাংবাদিকৰ ওপৰত আক্ৰমণ। এইবাৰ বিহাৰত অচিনাক্ত দুৰ্বৃত্তই গুলীৰে থকা সৰকা কৰে পংকজ মিশ্ৰ নামৰ এগৰাকী সাংবাদিকক। 

'ৰাষ্ট্ৰীয় ছাহাৰা’ নামৰ এখন দৈনিক কাকতৰ সাংবাদিকগৰাকীয়ে বিহাৰৰ অৰৱাল জিলাৰ বাশী নামৰ ঠাইত বেংকৰ পৰা ধন উলিয়াই ঘৰলৈ আহি থকা সময়তে আক্ৰমণৰ সন্মুখীন হয়।

বাইকত অহা দুজন যুৱকে নিচেই ওচৰৰ পৰা গুলীয়াই হত্যাৰ চেষ্টা চলায় সাংবাদিকজনক৷ গুলীৱিদ্ধ সাংবাদিকগৰাকীক ততাতৈয়াকৈ পাটনা মেডিকেল কলেজত ভৰ্তি কৰা হয়।

সাংবাদিকগৰাকীয়ে দুৰ্বৃত্তক দুটাক চিনাক্ত কৰিবলৈকো সমৰ্থ হৈছে৷ ইয়াৰে কুন্দন মহাতো নামৰ যুৱকজনক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সমৰ্থ হৈছে যদিও অম্বিকা মহাতো নামৰ আনজনে পলায়ন কৰে। 

ধৃত কুন্দন নামৰ যুৱকজনক আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে৷ দুয়োগৰাকী অভিযুক্ত বিহাৰৰ কুৰ্থাৰ বিধায়ক সত্যদেৱ সিঙৰ ঘনিষ্ঠ বুলি জানিব পৰা গৈছে৷ অভিযুক্ত কুন্দন বিধায়ক সত্যদেৱ সিঙৰ সহযোগীৰ পুত্ৰ বুলি জানিবলৈ দি সাংবাদিকগৰাকীয়ে ইতিমধ্যে কুন্দনৰ বিৰুদ্ধে বহু বাতৰি পৰিৱেশন কৰা বাবেই এনেদৰে আক্ৰমণ কৰা বুলি সন্দেহ প্ৰকাশ কৰে৷ 

জানিব পৰা মতে সাংবাদিকগৰাকীয়ে বেংকৰ এটি গ্ৰাহক কেন্দ্ৰ সেৱা চলাই আহিছিল। লগতে স্থানীয় লোকসকলক বেংকৰ কাম-কাজত দিহা-পৰামৰ্শও দি আহিছিল সাংবাদিকগৰাকীয়ে। বাংগালুৰুত দিনদিয়েক পূৰ্বে সংঘটিত সাংবাদিক হত্যাৰ পিছত হোৱা বিহাৰৰ এই ঘটনাই দেশৰ সংবাদমহলত উদ্বিগ্নতাৰ সৃষ্টি কৰিছে।