চাবুৱাঃ যি সময়ত দেশৰ উচ্চতম ন্যায়ালয়ে ২০১২ৰ ১৬ ডিচেম্বৰৰ দিল্লীৰ নিৰ্ভয়া কাণ্ডৰ চাৰি অপৰাধীক মৃত্যুদণ্ডৰে দণ্ডিত কৰি এক নজিৰ স্থাপন কৰিছে, সেই সময়তে অসমত ইয়াৰ সম্পূৰ্ণ বিপৰীত ঘটনা সংঘটিত হৈছে। ধৰ্ষণকাৰীয়ে শাস্তি লাভ কৰাটো দূৰৰে কথা, এনে জঘন্য অপৰাধত লিপ্তক আৰক্ষীয়ে ৰেহাই দিয়াৰ অভিযোগ উঠিছে।
ডিগবৈ বিজেপিৰ জয়প্ৰকাশ গুপ্তা নামৰ এজন নেতাৰ ঘৰৰ পৰা ১৮ এপ্ৰিলৰ দিনা এগৰাকী ১৪ বছৰীয়া কিশোৰীয়ে পলায়ন কৰে। পাছত তেওঁক স্থানীয় এটা সংগঠনৰ নেতৃত্বই টিংৰাইত উদ্ধাৰ কৰি ডিগবৈ আৰক্ষী থানালৈ নি গোচৰ ৰুজু কৰে।
কিশোৰীগৰাকীয়ে বিজেপি নেতা গুপ্তাৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে। গোচৰ ৰুজু কৰাৰ পিছৰে পৰা গুপ্তা পলাতক হৈ আছিল। তেওঁক গ্ৰেপ্তাৰৰ দাবীত বিভিন্ন সংগঠনৰ উদ্যোগত ডিগবৈত দুদিন জংগী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ল।
এদিন আন্দোলনস্থলীত মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা উপস্থিত হৈ দাম্ভিকভাৱে ঘোষণা কৰি গ'ল "যিমান ডাঙৰ নেতা হলেও দোষীয়ে শাস্তি পাবই, আমাৰ চৰকাৰে এনে অপৰাধীক কেতিয়াও ৰেহাই নিদিয়ে, নিৰ্যাতিতাই ন্যায় পাবই।" আন্দোলনৰ বাতৰি যাতে বহল প্ৰচাৰ নহয় তাৰ বাবে সংবাদ গোষ্ঠীক হেঁচা দিয়াৰ অভিযোগ উত্থাপন হৈছে।
আনকি এই বাতৰি প্ৰচাৰ কৰিবলৈ অহা এটা সংবাদ প্ৰতিষ্ঠানৰ এজন সাংবাদিকক হেঁচা প্ৰয়োগ কৰি ওভতাই নিয়াৰ অভিযোগ উত্থাপন হৈছে। ইপিনে, অভিযুক্ত গুপ্তাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা অগ্ৰিম জামিন লৈ আহিল। তেওঁক গ্ৰেপ্তাৰৰ দাবীত আজি পুনৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ডিগবৈ আঞ্চলিক আৰু আটছাৰ ডিগবৈ অাঞ্চলিক সমিতিয়ে জোঁৰ সমদল উলিয়ায়।