ডিজিটেল ডেস্কঃ আত্মঘাটী বোমাৰুৰ বিস্ফোৰণে কঁপালে আফগানিস্তানৰ ৰাজধানী কাবুল চহৰ৷ এটি ভোট পঞ্জীয়ণ কেন্দ্ৰত অতৰ্কিতে সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলোৱাৰ ফলত এতিয়ালৈ ৩১গৰাকী লোকৰ মৃত্যু হৈছে৷ আহত হৈছে ৬০ গৰাকী লোক৷ দেওবাৰে দিনৰ ভাগত সংঘটিত বিস্ফোৰণৰ ঘটনাৰ আইআছআইএছে দায়িত্ব স্বীকাৰ কৰে৷

চলিত বছৰৰ অক্টোবৰত দেশ খনত নিৰ্বাচন অনুষ্ঠিত হ’ব৷ তাৰ ফলত দেশ খনত ভোটাৰ পৰিচয় বিতৰণ কৰি থকা হৈছে৷ কাবুল চহৰৰ এটি ভোটাৰ পঞ্জীয়ণ কেন্দ্ৰত ভোটাৰ পৰিচয় পত্ৰ সংগ্ৰহ কৰিবলৈ বহু লোক শাৰী পাতি থকাৰ সময়তে আত্মঘাটীৰ বিস্ফোৰণত কঁপি উঠে কাবুল চহৰ৷ 

লগে লগে প্ৰকাণ্ড অগ্নিকাণ্ড সংঘটিত হয়৷ theguardian.comৰ মতে বিস্ফোৰণৰ পিছতে বহু পৰিয়ালৰ গৃহৰ আইনা ভাঙি পৰে৷ চলিত বৰ্ষৰ জানুৱাৰী মাহত আত্মাঘাটী বোমাৰুৱে গাড়ী বিস্ফোৰণ কৰাত ১০০ জন লোকৰ মৃত্যু হৈছিল৷ চলিত বৰ্ষত এইটো দ্বিতীয় বৃহৎ আক্ৰমণ সন্ত্ৰাসবাদীৰ৷ সন্ত্ৰাসবাদীৰ বৰ্বৰ কাণ্ডক দেশ খনৰ মুখ্য কাৰ্যবাহী আব্দুলা আব্দুল্লা, ৰাষ্ট্ৰপতি আশ্ৰাফ ঘাণী আৰু আমেৰিকাৰ ৰাষ্ট্ৰদূত জন বেচ আদিয়ে ঘটনাক গৰিহণা দিয়ে৷ কাপুৰুষালি আখ্যা দি কঠোৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ কথা কয়৷