লংকাঃ হোজাই জিলাৰ লংকা ৰাজহ চক্ৰৰ অন্তৰ্গত পুৰণা কাকী পঞ্চায়তৰ অধীনৰ ২০ খনৰো অধিক গাঁৱত সংহাৰ ৰূপ ধাৰণ কৰিছে যমুনা নৈৰ বাঢ়নী পানীয়ে। বিগত কেবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত যমুনা নৈৰ বাঢ়নি পানীত জলমগ্ন হৈ পৰিছে ২০ খনতকৈয়ো অধিক গাঁও। 

বানৰ সংহাৰী ৰূপত আতংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। যোৱা নিশাও বানৰ কোবাল সোঁতত মহেন্দ্ৰ ডেকাৰজা নামৰ এজন লোক উটি যোৱাক লৈ অঞ্চলজুৰি এক আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰে। প্ৰাপ্ত খবৰ অনুসৰি, শনিবাৰে নিশা পুৰণা কাকীৰ জৰাবাৰীৰ মহেন্দ্ৰ ডেকাৰজা নামৰ লোকজনক ঘৰৰ পৰা দোকানলৈ বুলি ওলাই যোৱাৰ পথতে পত্নীৰ চকুৰ সন্মুখতেই  বাঢ়নি পানীয়ে মুহূৰ্ততে  উটুৱাই লৈ যায়।

লোকজন সংহাৰী বানত নিখোজ  হৈ পৰা খবৰ বনজুইৰ দৰে সমগ্ৰ অঞ্চল বিয়পি পৰাত অঞ্চলজুৰি হুৱা-দুৱা লাগে। পিছত নিশাই  ঘটনাস্থলীত  লংকা ৰাজহ চক্ৰ বিষয়া, লংকা আৰু কাকী আৰক্ষী থানাৰ ভাৰপাপ্ত বিষয়া উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ উপৰিও সন্ধানহীন লোকজনৰ অনুসন্ধান অব্যাহত ৰাখিছে যদিও সন্ধান উলিয়াবলৈ সক্ষম নহ'ল।  

ইফালে, আজি পুৱাৰে পৰা ঘটনাস্থলীত এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ জোৱান বানাক্ৰান্ত অঞ্চলটিত উপস্থিত হৈ লোকজনৰ সন্ধানত অভিযান তীব্ৰতৰ কৰি তুলিছে। খৰি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া মহেন্দ্ৰৰ পৰিয়ালত মাথো এতিয়া কান্দোনৰ ৰোল। পিতৃৰ অবৰ্তমানত নিজ কন্যাই হিয়া ঢাকুৰি কান্দিছে।

উল্লেখ্য যে, শনিবাৰে পুৱাৰে পৰা কাকীৰ বানপানীৰ ভয়াৱহতাৰ কথা সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল যদিও বানপীড়িত ৰাইজক আগতীয়াকৈ কোনো ধৰণৰ সতৰ্কতামূলক নিৰ্দেশ নিদিয়াত বন্যাৰ্তৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।