তোলন গোহাঁই, কাকপথাৰঃ তিনিচুকীয়া জিলাৰ কাকপথাৰ কনিষ্ঠ মহাবিদ্যালয়ত বুধবাৰে ৭০ তম বন মহোৎসৱ উদযাপন কৰা হয়৷ ডুমডুমা বন সংমণ্ডলৰ বহুকেইজন বিষয়া, ডুমডুমা আৰু কাকপথাৰ আঞ্চলিক বন কাৰ্যালয়ৰ বিষয়াসকল উপস্থিত থকা অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ চৌপাশে শতাধিক গছপুলি ৰূপন কৰা হয়৷
ডুমডুমা সংমণ্ডলৰ অধীনত এই বৰ্ষত তিনিদিনিয়াকৈ এই বন মহোৎসৱ অনুষ্ঠিত কৰা হৈছে বুলি বন সংমণ্ডলৰ জ্যোষ্ঠ বিষয়া ভাস্কৰজ্যোতি বৰগোঁহাইয়ে জানিবলৈ দিয়ে৷ এক জুলাইৰপৰা আৰম্ভ হোৱা কাৰ্যসূচী মতে প্ৰথম দিনা শদিয়া আঠমাইলৰপৰা চুনপোৰালৈ ড: ভূপেন হাজৰীকা সেতু পথত প্ৰায় দুশ গছ পুলি ৰূপন, দ্বিতীয় দিনা ডুমডুমা বন সংমণ্ডলৰ অধীনৰ বনাঞ্চল সমূহত গছ পুলি ৰূপন কৰাৰ লগতে আজি অন্তিম দিনা কাকপথাৰ কনিষ্ঠ মহাবিদ্যালয়ত এই কাৰ্যসূচী হাতত লোৱা হয় বুলি জানিবলৈ দিয়ে৷
মহাবিদ্যালয়খনৰ অধ্যক্ষা জানমনি দুৱৰাই এনে ধৰণৰ কাৰ্যসুচী হাতত লোৱাৰ বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে গছ পুলি সমুহ জিয়াই ৰখাৰ ক্ষেত্ৰত সকলোৱে সহযোগীতা আগবঢ়াব লাগিব বুলি মত প্ৰকাশ কৰে৷ উল্লেখ্য যে, চৰকাৰে ৰাজ্যত বনজ সম্পদেৰে প্ৰকৃতিৰ ভাৰসাম্যতা জীয়াই ৰখাৰ উদ্দেশ্যে এনেধৰণৰ কাৰ্যসূচী হাতত লৈ থকাৰ মাজতে তিনিচুকীয়া জিলাত অব্যাহত থকা বনজ সম্পদৰ অবৈধ ৰমৰমীয়া বেহাই বিশেষ তাৎপৰ্যবহন কৰিছে৷
এই বিষয়ে প্ৰশ্ন কৰাত বন বিষয়াৰপৰা আশানুৰুপ উত্তৰ পোৱা নগ’ল৷ মহাবিদ্যালয়ত গছপুলি ৰূপনৰ লগতে এখন সজাগতা সভাও অনুষ্ঠিত হয়৷ উক্ত সভাত কাকপথাৰ প্ৰেছ ক্লাবৰ সদস্যসকল, অসম মৰাণ সভাৰ কাকপথাৰ আঞ্চলিকৰ সভাপতি প্ৰভাত মৰানকে ধৰি কেইবা গৰাকীও গন্যমান্য ব্যক্তিয়ে বন সংৰক্ষনৰ ওপৰত নিজৰ নিজৰ মত প্ৰকাশ কৰে৷ এই কাৰ্যসূচীটোত ডুমডুমা আঞ্চলিক বন বিভাগৰ মহিলা বিষয়া ৰিংকুমনি বৰাও উপস্থিত থাকে৷ সম্পূৰ্ণ কাৰ্যসূচীটোত বিজেপি যুৱ মৰ্চাৰ সভাপতি তীৰ্থৰাজ নেওঁগে পূৰ্ণ সহযোগীতা আগবঢ়োৱা দেখা গ’ল৷