প্ৰাণদ্বীপ চেতিয়া,কাৰ্বি আংলং
কাৰ্বি আংলংঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আৰু বোকাজান আঞ্চলিক সমিতিৰ সহযোগত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়৷
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকনৰ পৌৰাহিত্যত বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত বোকাজান মহকুমা প্ৰশাসনৰ সহকাৰী আয়ুক্ত বেমথই আহংবাম চানুৱে মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে বিশিষ্ট অতিথি ৰূপে উপস্থিত আছিল কাৰ্বি লামেইট আমেইৰ উপদেষ্টা বাৰিম ইংতি, সংবাদ প্ৰহৰী উপাধি প্ৰাপক তথা নিৰীক্ষণ প্ৰতিদিন কাকতৰ সম্পাদক নৰেন হাজৰিকা, বিশিষ্ট সমাজকৰ্মী অম্বেশ্বৰ চেতিয়া, দুলাল দত্ত, অধক্ষ্য অতুল বৰগোহাঁই, জেষ্ঠ নাগৰিক ৰবীন হাতীবৰুৱা, সাংবাদিক আনন্দ তেৰাং আৰু বোকাজান শাখা সাহিত্য সভাৰ সভানেত্ৰী ৰুমী বৰুৱাই৷
উক্ত অভিনন্দন অনুষ্ঠানত বোকাজান মহকুমাৰ বিভিন্ন বিদ্যালয়ৰপৰা লেটাৰমাৰ্কসহ ডিষ্টিংচন লৈ সুখ্যাতিৰে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰায় ৮০ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা, মানপত্ৰ আৰু একোখনকৈ মূল্যৱান কিতাপেৰে সম্বৰ্ধনা জনোৱা হয়৷
এই অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি বেমথই আহংবাম চানুৱে কৃতী ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি সাৰগৰ্ভ বক্তব্য ৰাখি কয় যে ছাত্ৰ-ছাত্ৰীসকলে জীৱনত সফলতাৰ শিখৰত আৰোহণ কৰিবলৈ হলে সদায় সময়ানুবৰ্তিতা আৰু নিয়মানুবৰ্তিতা মানি চলাৰ লগতে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ সপোন থাকিব লাগিব৷ সপোন থাকিলেহে জীৱনৰ লক্ষ্যত উপনীত হ’ব পাৰিব৷ মিছাইলমেনখ্যাত তথা দেশৰ প্ৰয়াত ৰাষ্ট্ৰপতি আব্দুল কালামৰ জীৱনৰ ওপৰত আলোকপাত কৰি উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক তেওঁক আদৰ্শ হিচাপে লৈ জীৱনত আগবাঢ়ি যোৱাৰ প্ৰণ ল’বলৈও আহ্বান জনাই সহকাৰী আয়ুক্ত গৰাকীয়ে৷