গুৱাহাটীঃ লোকসভাৰ নিৰ্বাচনৰ ব্যাপক তৎপৰতা চলি থকা সময়তে এইবাৰ ন্যায় বিচাৰি ৰাজপথলৈ নামিল আমৰি কাৰ্বি ছয় জাতীয় সংগঠন। বুধবাৰ গুৱাহাটীৰ লতাশিল খেলপথাৰৰপৰা ৰাজভৱনলৈ সংগঠনটোৱে তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত গ্ৰহণ কৰে এক প্ৰতিবাদী সমদল।

উল্লেখ্য যে, তেওঁলোকৰ দাবী হৈছে সোণাপুৰত অসম ৰাইফলচৰ সামৰিক ঘাটি স্থাপন বন্ধ কৰা আৰু গুৱাহাটী মহানগৰৰপৰা ডিমৰিয়া লৈকে ১০ কিলোমিটাৰ মহানগৰ সম্প্ৰসাৰণ প্ৰক্ৰিয়া বাতিল কৰা।

প্ৰতিবাদত অংশগ্ৰহণ কৰি সংগঠনটোৱে অসম চৰকাৰ হুচিয়াৰ, পাহাৰ খনন কৰাৰ অনুমতি বন্ধ কৰক, অসম ৰাইফলচৰ সামৰিক বাহিনী স্থাপন বন্ধ কৰক আদি শ্ল'গানেৰে লতাশিল খেল পথাৰৰপৰা ৰাজভৱনলৈকে সমগ্ৰ পথচোৱা উত্তাল কৰি তোলে।

উক্ত প্ৰতিবাদত অংশ গ্ৰহণ কৰা সংগঠনৰ উপদেষ্টা ইন্দ্ৰেশ্বৰ টেৰণে কয় যে অসম চৰকাৰে আইন নামনি ডিমৰিয়া অঞ্চললৈকে মহানগৰ সম্প্ৰসাৰণ কৰিব বিচাৰিছে যাৰ ফলত ট্ৰিবেল বেল্টৰ অধীনৰ আমৰী কাৰ্বিসকল বেয়াকৈ ক্ষতিগ্ৰস্ত হ’ব। এই সমস্যাসমূহ সমাধানৰ দাবীৰে কিছুদিনৰ আগতে মুখ্যমন্ত্ৰীৰ সৈতে এক আলোচনাত বহা হৈছে। উক্ত বৈঠকত মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিশ্ৰুতি দিছিল যে তেওঁ কোনো বেল্ট ব্লকৰ ক্ষতি নকৰে। কিন্তু তেওঁৰ কথা নৰজিল। চক্ৰ বিষয়াই নিজৰ মই মতালিৰে ট্ৰাইবেল বেল্ট ব্লক ভাঙিবলৈ চেষ্টা কৰিছে। ফলত তাৰ বাসিন্দাসকলক এতিয়া চিন্তাত পেলাইছে৷।

ইয়াৰোপৰি প্ৰতিবাদকাৰীসকলে মহানগৰ প্ৰশাসনক পাহাৰ খনন কৰাৰ অনুমতি প্ৰদান অতি শীঘ্ৰেই বন্ধ কৰিবলৈ দাবী জনোৱাৰ লগতে ডিমৰিয়া, বেলতলা আৰু ৰাণীৰ জনজাতীয় আবেষ্টনী অঞ্চলসমূহক সাংবিধানিক সুৰক্ষা প্ৰদান কৰিবৰ বাবে দাবী জনায়।

সমদলৰ অন্তত প্ৰতিবাদকাৰী সকলে ৰাজ্যপালক সাক্ষাৎ কৰি স্মাৰক পত্ৰও প্ৰদান কৰে।