newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটতক মুষলধাৰ বৰষুণে ব্যহত কৰিছে স্বাভাৱিক জীৱন-যাত্ৰা৷ কৰ্ণাটকৰ মংগলোৰত মঙলবাৰে ৯ ঘন্টা ধৰি দিয়া ধাৰাসাৰ বৰষুণত জিলাখনৰ বিভিন্ন অঞ্চল কৃত্ৰিম বানত বুৰ যায়৷
ইফালে জানিব পৰা মতে, ধাৰাসাৰ বৰষুণৰ বাবে জিলাখনত ৩ গৰাকী লোকৰ মৃত্যু ঘটে৷ জিলাখনৰ পৰিস্থিতি লক্ষ্য কৰি বুধবাৰে বিদ্যালয়সমূহ বন্ধ ৰাখবলৈ প্ৰশাসনে নিৰ্দেশ দিয়ে৷ আনহাতে মঙলবাৰে বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানত বুৰ যোৱা অঞ্চলসমূহৰ ক্ষতিগ্ৰস্থ লোকসকলক উদ্ধাৰৰ বাবে নাও আদি ব্যৱহাৰ কৰা হয়৷
ইফালে দক্ষিণ কন্নড় আৰু উদুপীৰ সীমা কাষৰীয়া কেইবাটাও অঞ্চলত বিগত তিনিদিন ধৰি হৈ থকা প্ৰৱল বৰষুণৰ ফলত জনজীৱন স্তব্ধ হৈ পৰে৷ বিভিন্ন অঞ্চলত বৰষুণৰ পানীয়ে পথ বুৰাই পেলোৱাত যাতায়ত সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰে৷
প্ৰবল বৃষ্টিৰ পিছতেই দুৰ্যোগ প্ৰশমণ সংস্থাই কৰ্ণাটকত ৰেড এলাৰ্ট জাৰি কৰে৷ ইফালে ৰাজ্যখনৰ পৰিস্থিতিক গুৰুত্ব সহকাৰে লৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্যখনৰ ক্ষতিগ্ৰস্থ অঞ্চলসমূহত যথাসম্ভৱ সহায় প্ৰদান কৰাৰ বাবে বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে৷
আনফালে, বতৰ বিজ্ঞান সংস্থাই উত্তৰ প্ৰদেশৰ কিছু কিছু অঞ্চলত অহা ২৪ ঘন্টাৰ ভিতৰত ধাৰাসাৰ বৃষ্টি আৰু ধুমুহা বলাৰ সম্ভাৱনা প্ৰকাশ কৰিছে৷ উল্লেখ্য যে, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশত এতিয়ালৈ সংঘটিত হোৱা ধুমুহা-বৃষ্টিত ৪০ জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে৷