Hindustan Times
Hindustan Times

newsnextone.com | ডিজিটেল ডেস্কঃ কাশ্মীৰত সন্ত্ৰাসবিৰোধী অভিযান অব্যাহত আছে৷ পুনৰাই সীমান্তত ভাৰতীয় সেনাই অভিযান চলাই তিনি সন্ত্ৰাসবাদীক নিহত কৰে৷ শুকুৰবাৰে জম্মু কাশ্মীৰৰ থুম্মা জিলাৰ পুলৱামাত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত নিহত হয় তিনি সন্ত্ৰাসবাদী৷

গোপন খবৰৰ ভিত্তিত সেনাই সমগ্ৰ পুলৱামা এলেকা ঘেৰি লৈ চলোৱা অভিযানত সেনাৰে সন্ত্ৰাসবাদীৰ সংঘৰ্ষ লাগে আৰু তিনি সন্ত্ৰাসবাদীৰ কেডাৰ নিহত হয়৷ আৰক্ষী সঞ্চালক প্ৰধান এছ পি বৈদে এই খবৰ নিশ্চিত কৰিছে৷ 

থুম্মা জিলাৰ জিলাত সন্ত্ৰাসবাদীৰ লুকুৱাই থকাৰ খবৰ লাভ কৰিছিল সেনাই৷ তাৰ পিছত ব্যাপক হাৰত তালাচী চলাই সেনাই৷ তেনেতে জংঘলৰ পৰা সেনাক লক্ষ্য কৰি গুলীচালনা কৰে সন্ত্ৰাসবাদীয়ে৷ প্ৰত্যুত্তৰ দিয়ে সেনাই৷ প্ৰথমে দুটা মৃতদেহ উদ্ধাৰ হয় আৰু এজনক জীৱীত অৱস্থাত উদ্ধাৰ কৰিছিল যদিও তাৰো চিকিৎসালয়ত মৃত্যু হয়৷