ছাহিদ আলি আহমেদ, কয়াকুছিঃ ৰাজ্যখনত চলা ‘ফনি’ৰ আতংকৰ মাজতেই মাত্ৰ তিনি-চাৰি দিনৰ নেৰা-নেপেৰা বৰষুণৰ কৃত্ৰিম বানত ডুব গ’ল গোলিবান্ধা অঞ্চলৰ কেইবা শ বিঘা ইৰি ধানৰ খেতি পথাৰ।
অঞ্চলটোৰ উত্তৰ পাকা আৰু দক্ষিণ পাকা গাঁও পঞ্চায়তৰ ফিঙুৱাপাথাৰ¸ জাৰাবাৰী¸ গোলিবান্ধা¸ নিজ বৰলা¸ ফিঙুৱা¸ মৰিয়ম চোৱা¸ ছাগলছাৰী¸ আমদহকে আদি কৰি কেইবাখনো গাঁৱৰ কেইবা শ বিঘা মাটিৰ ইৰি ধাননি পথাৰ কৃত্ৰিম বানৰ পানীৰ তলত।
বৰপেটা জিলাৰ সৰুক্ষেত্রী সমষ্টিৰ অন্তৰ্গত তথা সৰ্থেবাৰী ৰাজহ চক্ৰৰ বালাপাৰা আৰক্ষী চকীৰ এলেকাধীন উক্ত ফিঙুৱাপাথাৰ জানপাৰা বা খালপাৰা হিচাপে পৰিচিত অঞ্চলটোৰ কৃষকৰ ইৰি ধান পকিবলৈ আৰু কাটিবলৈ মাত্ৰ এক বা দুসপ্তাহ সময়ৰ প্ৰয়োজন আছিল।
ইয়াৰ মাজতে ফিঙুৱা পাথাৰৰ ৰাজাঘাট-ফিঙুৱা-বালাপাৰা পিডব্লিউডি ৰোডৰ ওপৰত থকা আৰচিচি ব্ৰীজৰ তলেদি পশ্চিমফালে বৈ যোৱা জানটোৰ দুয়োকাষে দখল কৰি থকা ব্যক্তিসকলে বান্ধ নিৰ্মাণ কৰি পানী উলাই যোৱাৰ পথ বন্ধ কৰি দিয়াত উক্ত কৃত্ৰিম বানৰ সৃষ্টি হৈছে।
জানটোৰ দুয়োপাৰে থকা খাচ আৰু একচনা মাটিখিনি দখল কৰি বান্ধ নিৰ্মাণ কৰাত উক্ত কৃত্ৰিম পানী জম হৈ কেইবা শ বিঘা মাটিৰ ইৰি ধান গ্ৰাস কৰাত কৃষকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।
সৰুক্ষেত্ৰীৰ সমষ্টিৰ উক্ত অঞ্চলৰ বিভিন্ন ঠাইৰ ৰাইজে কৃত্ৰিম বানৰ ক্ষেত্রত দীৰ্ঘদিন ধৰি ভূগিবলগীয়া হৈছে যমৰ যাতনা বুলি অভিযোগ উত্থাপিত হৈছে। জনপ্ৰতিনিধিয়ে গুৰুত্ব প্ৰদান নকৰাৰ দৰে একেই ভুমিকা পালন কৰি আছে খণ্ড উন্নয়ন বিষয়া¸ জিলা পৰিষদ¸ গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ সৈতে মহকুমাধিপতিয়ে।
অঞ্চলটোৰ কেইবাখনো গাঁৱৰ লোকে বৰষুণৰ বতৰত যমৰ যাতনা ভুগি আহিছে দীৰ্ঘদিনে। যোৱা বছৰটোত তদান্তনীন সৰ্থেবাৰীৰ ৰাজহ-চক্ৰ বিষয়াই ৰাইজৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি উক্ত বান্ধটো কাটি পানী উলাই যোৱাৰ ব্যৱস্থা কৰি দিছিল যদিও পুনৰ দখলদাৰী দুষ্কৃতিকাৰীয়ে বান্ধটো মজবুতকৈ বন্ধ কৰি ৰাখিছে৷ কিন্তু এই ক্ষেত্ৰত জনপ্ৰতিনিধিয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে।
ৰাইজৰ সমস্যাৰ প্ৰতি চকু দি অতিশীঘ্ৰে অঞ্চটোৰ পানী উলাই যোৱাৰ ব্যৱস্থা কৰি ৰাইজক ধান কাটিবলৈ সুচল কৰি দিবলৈ চৰকাৰ তথা জনপ্ৰতিনিধিক আবেদন জনাইছে স্থানীয় ৰাইজে। অন্যথা উক্ত পথচোৱা অৱৰোধ কৰি গণতান্ত্রিক আন্দোলনৰ ভাবুকি প্ৰদান কৰে স্থানীয় ৰাইজে।
বৰপেটাৰ উপায়ুক্ত¸ মহাকুমাধিপতি¸ সৰ্থেবাৰীৰ ৰাজহ-চক্ৰ বিষয়া আৰু জনপ্ৰতিনিধিৰ মনযোগ কামনা কৰিছে সৰ্বস্তৰৰ ৰাইজে। অৱশ্যে উত্তৰ পাকা গাঁও পঞ্চায়তৰ সভাপতি মোতালেপ আলীয়ে ৰাইজৰ দুখ-দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি সৰ্থেবাৰী ৰাজহ-চক্ৰ বিষয়া ৰশ্মিৰেখা দেৱীক সোমবাৰে এখন স্মাৰক-পত্ৰ প্ৰদান কৰিছে যদিও ৰশ্মিৰেখা দেৱীয়ে কাৰ্যালয়ত উপস্থিত নথকাত টেলিফোনিক বাৰ্তাত কাইলৈ সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰিব বুলি জানিবলৈ দিয়ে পঞ্চায়তৰ সভাপতি মোতালেপ আলীক।
সময়তহে জনা যাব কৃষকৰ ইৰি ধান ৰক্ষাৰ্থে চৰকাৰী কৰ্তৃপক্ষই কিমান গুৰুত্ব প্ৰদান কৰে।