পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙাঃ ৰাজ্যত পুনৰ বিষাক্ত সুৰাৰ ট্ৰেজেডী৷ গোলাঘাট-যোৰহাটৰ পাছত এইবাৰ পুনৰ গোলাঘাট জিলাৰ অন্তৰ্গত কাজিৰঙাৰ গেলেকী গাঁৱত বিষাক্ত চুলাই সেৱন কৰি দুজন লোকে অকালতে মৃত্যুক সাৱটি ল’ব লগাৰ দৰে কৰুণ ঘটনা সংঘটিত হোৱাৰ লগতে এজন লোক অতি সংকট জনক অৱস্থাত যোৰহাটৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছে।

এই ঘটনাৰ স্থান কহঁৰা আৰক্ষী চকীৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণে থকা গেলেকী মিকিৰ গাঁও৷ উল্লেখ্য যে, গাঁৱখনৰ তিনি বন্ধু ক্ৰমে দিলীপ তামুলী, নীৰেন বাউৰী আৰু হিৰণ্য কুৰ্মীয়ে মঙলবাৰে নিশা একেলগে সুৰাপান কৰিছিল৷ দিলীপ তামুলীৰ ভাড়াঘৰত নিশা মজিয়াত বহি তিনি বন্ধুয়ে মাংসৰ সৈতে চুলাই সেৱন কৰিছিল বুলি দিলীপ তামুলীৰ ৯ মহীয়া গৰ্ভৱতী পত্নীয়ে জানিবলৈ দিয়ে৷

ইয়াৰ পাছতে বুধবাৰে পুৱাৰেপৰা তিনি বন্ধুৰ প্ৰচণ্ড পেটৰ বিষ হ’বলৈ ধৰে৷ বুধবাৰে নিশাই দিলীপ তামুলী আৰু হিৰণ্য কুৰ্মীক বোকাখাতৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও নিশা ২ বজাত দিলীপ তামুলীৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে৷

আনহাতে, বৃহস্পতিবাৰে পু্ৱা গেলেকী মিকিৰ গাঁৱৰ নিজৰ ঘৰতেই মৃত্যু হয় নীৰেন বাউৰীৰ৷ ইপিনে, সংকটজনক অৱস্থাত হিৰণ্য কুৰ্মীক প্ৰেৰণ কৰা হয় যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ৷ এই বিষাক্ত চুলাই সেৱনৰদ্বাৰা এনে সকৰুণ ঘটনা সংঘটিত হোৱাৰ খবৰ পোহৰলৈ অহাৰ লগে লগে কেৱল কাজিৰঙাতেই নহয় সমগ্ৰ বোকাখাত মহকুমাতেই সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ৷

আৰক্ষী আৰু প্ৰশাসনৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ নীৰেন বাউৰীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰে৷ উল্লেখ্য যে, বিষাক্ত চুলাই সেৱন কৰি মৃত্যু হোৱা দিলীপ তামুলীয়ে ৯ মহীয়া গৰ্ভৱতী পত্নীৰ লগতে এটি ১১ বছৰীয়া কণমানি পুত্ৰক এৰি থৈ গৈছে৷

পৰিয়ালটিৰ একমাত্ৰ উপাৰ্জনকাৰী এই দিলীপ তামুলীৰ এনে আকস্মিক মৃত্যুত হতভম্ব হৈ চকুৰ পানীৰে বাট নেদেখা হৈ পৰা গৰ্ভৱতী পত্নীয়ে এতিয়া ১১ বছৰীয়া পুত্ৰক লৈ কিংকৰ্তব্যবিমূঢ় অৱস্থাত দিশহাৰা হৈ পৰিছে৷ 

বিষাক্ত চুলাই সেৱনৰ ফলত গৰ্ভত ৯ মহীয়া সন্তান ধাৰণ কৰি ৰোৱা মানুহগৰাকীক এনেকৈ অথাই সাগৰত পেলাই স্বামীৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত এক শোকাকুল পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ 

উল্লেখ্য যে, গোলাঘাট-যোৰহাটত বিষাক্ত চুলাইক লৈ সমগ্ৰ অসমতে হোৱা ব্যাপক প্ৰতিক্ৰিয়াত চৰকাৰে গ্ৰহণ কৰা আনুসংগিক ব্যৱস্থাৰ পাছতো অবৈধ চুলাই বন্ধ কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল বোকাখাত আবকাৰী বিভাগে৷

অবৈধ চুলাই বেপাৰীৰ সৈতে থকা গোপন অংকৰ বাবেই কাজিৰঙাৰ হাতীখুলি, গেলেকী, বাগৰি আদি অঞ্চলত বৰ্তমান অবাধ গতিত চলিছে অবৈধ চুলাই ব্যৱসায়৷ ইপিনে, আটছা বোকাখাত শাখাই এই ঘটনাত উদ্বেগ প্ৰকাশ কৰি কয় যে একমাত্ৰ আবকাৰী বিভাগৰ চুলাই বেপাৰীৰ স’তে থকা গোপন অংকৰ বাবেই পুনৰ ৰাজ্যত সুৰাৰ ট্ৰেজেডীৰ দৰে ঘটনা সংঘটিত হ’ল। স্থানীয় ৰাইজে এই ঘটনাৰ বাবে বোকাখাত আবকাৰ অধীক্ষক আৰু পৰিদৰ্শকৰ লগতে একাংশ আৱকাৰি কৰ্মচাৰী দায়ী বুলি অভিযোগ উত্থাপন কৰিছে৷

বিষাক্ত চুলাই সেৱন কৰি দুৰ্ভাগ্যজনকভাৱে অকালতে মৃত্যুক সাৱটি লব লগা হোৱা ১১ বছৰীয়া এটি সন্তানৰ পিতৃ দিলীপ তামুলীৰ গৰ্ভত ৯ মহীয়া সন্তান ধাৰণ কৰি ৰোৱা মানুহগৰাকাক স্বামীৰ অৱৰ্তমানত আহিবলগীয়া সন্তানটিৰ প্ৰসৱকালত প্ৰয়োজনীয় চিকিৎসা সেৱাকে ধৰি সামগ্ৰিক সকলোখিনি ব্যৱস্থা মানৱীয়তাৰ খাতিৰত হ’লেও কৰি দিবৰ বাবে চৰকাৰক অনুৰোধ জনাইছে সমূহ কাজিৰঙাবাসী ৰাইজে৷