ফখৰুল ইছলাম, খাৰুপেটীয়াঃ দৰং জিলাৰ দলগাঁও ৰাজহচক্ৰৰ অধীনৰ দলগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত দলগাঁওস্থিত দৈনিক বজাৰৰ কদৰ্যময় ৰূপে সচেতন ৰাইজক ভবাই তুলিছে৷
বজাৰখনৰ ঘৃণনীয় পৰিৱেশে জনস্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে৷ জাবৰ-জোথৰৰ দ’ম, গেলা-পচা দুৰ্গন্ধ তথা এজাক বৰষুণতে একপ্ৰকাৰৰ দৈনিক বজাৰখন নৰকস্থলীলৈ পৰিণত কৰিছে৷
মাছৰ বজাৰ, পাচলি বজাৰ, কাপোৰ বজাৰ, মাংসৰ বজাৰৰ কাষতে বৃহৎ জাবৰৰ দম, দুৰ্গন্ধই গ্ৰাহকসকলক বিবুধিত পেলোৱাৰ লগতে ব্যৱসায়ীসকলেও স্বাস্থ্যৰ লগত হেতালি খেলি ব্যৱসায় কৰিবলৈ বাধ্য হৈছে৷
আনকি মল-মূত্ৰ ত্যাগ কৰিবলৈও দলগাঁও বজাৰত নাই ৰাজহুৱা শৌচালয়৷ য'তে-ত’তে গ্ৰাহক, ব্যৱসায়ীসকলে মল-মূত্ৰ ত্যাগ কৰিবলৈ বাধ্য হৈছে৷ বজাৰ পৰিচালনা সমিতিয়ে প্ৰতিজন ব্যৱসায়ীৰপৰা মাচুল ঠিকেই লয়, কিন্তু বজাৰখন স্বচ্ছ কৰি ৰখাত অলপো গুৰুত্ব নিদিয়া পৰিলক্ষিত হৈছে৷
বজাৰ পৰিচালনা সমিতিৰ বাবে ব্যৱসায়ী, গ্ৰাহকৰ স্বাস্থ্যৰ যেন কোনো গুৰুত্ব নাই৷ ব্যৱসায়ীসকলে কেইবাবাৰো অভিযোগ কৰিছে যদিও এই সম্পৰ্কত সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো গুৰুত্ব দিয়া নাই৷
যিসময়ত সমগ্ৰ ভাৰততে স্বচ্ছ ভাৰতৰ নামত কোটি কোটি টকা খৰচ কৰা হৈছে, সেই সময়ত সদা ব্যস্ত দলগাঁও দৈনিক বজাৰৰ কদৰ্যময় স্বৰূপে সচেতন মহলক আশ্চৰ্যকৃত কৰি তুলিছে৷ সচেতন ৰাইজে বজাৰখন স্বচ্ছ কৰি ৰখাত গুৰুত্ব দিবলৈ বজাৰ পৰিচালনা সমিতিক দাবী জনাইছে৷ অন্যথা প্ৰয়োজনত প্ৰতিবাদী কাৰ্যসূচী ল'ব বুলি একাংশ ৰাইজে হুংকাৰ দিছে৷