ফখৰুল ইছলাম, দৰংঃ অসমৰ দীৰ্ঘদিনীয়া বিদেশী সমস্যা সমাধানৰ উদ্দেশ্যে উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্বাৱধানত অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম চলি আছে। উচ্চতম ন্যায়ালয়ে ০১-১১-২০১৮ তাৰিখে অনুমোদন জনোৱা (SOP)ৰ কেইবাটাও দফাৰ লগতে উচ্চতম ন্যায়ালয়ৰ কেইবাটাও নিৰ্দেশনা উলংঘা কৰি দাবী-আপত্তি নিষ্পত্তি প্ৰক্ৰিয়া চলাই গৈছে। ফলত সাধাৰণ ৰাইজে নানা সমস্যাৰ সম্মুখীন হোৱা পৰিলক্ষিত হৈছে।

উচ্চতম ন্যায়ালয়ে অনুমোদন জনোৱা (SOP) কোনো ব্যক্তিয়ে ভুৱা তথা মিছাকৈ হাৰাশাস্তিৰ উদ্দেশ্যে কাৰোবাৰ বিৰুদ্ধে আপত্তি আবেদন দাখিল কৰিলে তেওঁৰ বিৰুদ্ধে নাগৰিকত্ব আইনৰ ধাৰা ১৭ ত উল্লেখ কৰা অনুসৰি ৫ বছৰলৈকে জে’ল আৰু ৫০ হাজাৰ টকা পৰ্যন্ত জৰিমণা বিহাৰ দৰে শাস্তি প্ৰযোজ্য হ’ব।

কিন্তু কৰ্তৃপক্ষই  উচ্চতম ন্যায়ালয়ক অন্ধকাৰত ৰাখি উক্ত দফা উলংঘা কৰি ভুৱা আপত্তিকাৰীসকলক শাস্তি প্ৰদানৰ পৰিৱৰ্তে ৰক্ষণা-বেক্ষণ দিয়া পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত ইত্তেহাদ ফ্ৰণ্টে পূৰ্বৰেপৰা কৈ আহিছে যে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্বৰ বৈধ নথি-পত্ৰ থকা প্ৰতিজন ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত হোৱাকৈ আৰু ১৯৭১ চনৰ ২৪ মাৰ্চৰ পাছত অহা কোনো এজন বিদেশী নাম অন্তৰ্ভুক্ত নোহোৱাকৈ শুদ্ধ নাগৰিক পঞ্জী লাগিবই।

যোৱা ০৮ মে’ তাৰিখে মহামান্য উচ্চতম ন্যায়ালয়ে আপত্তিকাৰীৰ ঠিকনা দিয়া নিদিয়াৰ কৰ্তৃত্ব ৰাজ্যিক সমন্বয়কগৰাকীক প্ৰদান কৰিছিল। কিন্তু ৰাজ্যিক সমন্বয়কগৰাকীয়ে যোৱা ইংৰাজী ১১ মে’ তাৰিখে আপত্তিকাৰীৰ ঠিকনা যাৰ বিৰুদ্ধে আপত্তি দাখিল কৰা হৈছে তেওঁক দিব নালাগে বুলি নিৰ্দেশনা প্ৰদান কৰিছে। 

ফলত Natural Justice পোৱাত বাধা প্ৰদান কৰাহে পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত  ইত্তেহাদ ফ্ৰন্ট, অসমে আজি গুৱাহাটী, চচলত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি সংবাদ মাধ্যমৰ জৰিয়তে ৰাজ্যিক সমন্বয়কগৰাকীলৈ এনআৰচিত চলি থকা বিসংগতিসমূহ দূৰ কৰাৰ লগতে প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি নকৰাকৈ তথা বাদ নপৰাকৈ আৰু কোনো বিদেশীৰ নাম অন্তৰ্ভুক্ত নোহোৱাকৈ শুদ্ধ নাগৰিক পঞ্জী প্ৰস্তুতকৰণৰ বাবে ৰাজ্যিক সমন্বয়কলৈ ইত্তেহাদ ফ্ৰণ্টৰ কাৰ্যকৰি সভাপতি আব্দুল ৰৌফ, উপ-সভাপতি ৰুবুল আলী, সাধাৰণ সম্পাদক নুৰ ইছলাম মুখ্য সাংগঠনিক সম্পাদক তথা অধিবক্তা দেৱান শ্বহিদুল ইছলাম, সাংগঠনিক সম্পাদক ছুলেমান আলী, আব্দুল  জলিল আৰু শ্বৰিফুল ইছলামে দাবী জনাইছে।