কোকৰাঝাৰঃ অহা জুলাই মাহত বিটিএডিৰ সদৰ কোকৰাঝাৰত অনুষ্ঠিত হ’বলগীয়া তৃতীয় নৰ্থ ইষ্ট কিক বক্সিং চেম্পিয়নশ্বিপক লৈ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ কোকৰাঝাৰ চহৰৰ নিকটবৰ্তী স্পৰ্ট অথৰিটি অব ইণ্ডিয়া চমুকৈ ছাই কমপ্লেক্সত ১২ জুলাইৰ পৰা চাৰি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব প্ৰতিযোগিতা খন৷

প্ৰতিযোগিতা খন নিয়াৰিয়াকৈ পৰিচালনা কৰিবলৈ চিমচন মুছাহাৰীক সভাপতি আৰু লখেন্দ্ৰ ৰায়ক সম্পাদক হিচাপে লৈ এক শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে৷ বিটিচি কিক বস্কিং সন্থাৰ সভাপতি নিপেন চন্দ্ৰ ৰায়ে সদৰী কৰা মতে প্ৰতিযোগিতাত উত্তৰ পূৰ্বাঞ্চলৰ আঠ খন ৰজ্যৰ পৰা চাৰি শতাধিক খেলুৱৈ অংশ গ্ৰহন কৰিব৷

উল্লেখ্য যে, তৃতীয় নৰ্থ ইষ্ট কিক বক্সিং প্ৰতিযোগিতাৰ অভ্যৰ্থনা সমিতিৰ এক বৰ্ধিত কাৰ্যনিৰ্বাহক সভা শুকুৰবাৰে কোকৰাঝাৰ স্থিত বডোলেণ্ড অতিথি শালাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়৷ সভাত মহাৰাষ্ট্ৰৰ পুনেত যোৱা জানুৱাৰীত অনুষ্ঠিত হৈ যোৱা কিক বস্কিং অপেন ইণ্ডিয়া প্ৰতিযোগিতাত পদক অৰ্জন কৰিবলৈ সক্ষম হোৱ বিটিচি এলেকাৰ ১৪ গৰাকী খেলুৱৈক বিটিচি কিক বস্কিং সন্থাই একোখনকৈ মান পত্ৰৰে সম্বৰ্ধনা যাচে৷ 

তদুপৰি বিটিচি কিক বস্কিং সন্থাৰ অধীনত সুখ্যাতিৰে প্ৰশিক্ষণ সমাপ্ত কৰা ২৩গৰাকী খেলুৱৈকো সভাৰ জৰিয়তে প্ৰমানপত্ৰ বিতৰন কৰা হয় বুলি বিটিচি কিক বক্সিং সন্থাৰ সভাপতিগৰাকীয়ে সদৰী কৰে৷