indiatoday
indiatoday

newsnextone.com | ডিজিটেল ডেস্কঃ যোৱা ২৬ জুনত মন্দিচোৰত ৭ বছৰীয়া কন্যাক ধৰ্ষণৰ ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তে পুনৰ এগৰাকী ৪ বছৰীয়া কন্যা ধৰ্ষণৰ বলি হয়৷ যেন আকৌ এবাৰ লজ্জানত হ’ল সমগ্ৰ দেশ৷ 

দেওবাৰে ৪ বছৰীয়া শিশুক ধৰ্ষণ কৰি পেলাই থৈ যায় ধৰ্ষণকাৰীয়ে৷ এই কাণ্ড সংঘটিত হয় মধ্য প্ৰদেশৰ পৰশমণি এলেকাত৷ ইতিমধ্য ঘটনাৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ 

জানিবলৈ পোৱা মতে, মধ্য প্ৰদেশৰ পৰশমণি এলেকাত এটি ৪ বছৰীয়া শিশু নিৰুদ্দেশ হয়৷ পৰিয়াল আৰু স্থানীয়ে লােকে বিচাৰ সোচাৰ কৰি থকাৰ সময়তে দেওবাৰে শিশুটোক অচেতন অৱস্থাত পথৰ দাতিত পৰি থকা প্ৰত্যক্ষ কৰে৷ লগে লগে উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়াৰ লগতে চিকিসালয়ত ভৰ্তি কৰা হয় শিশুটোক৷

শিশুটোৱে নিজ ঘৰত শুই থকা অৱস্থাৰ পৰাই অপহৰণ কৰিছিল ২৩ বছৰৰ মহেন্দ্ৰ সিঙ নামৰ এজন যুৱকে৷ শিশুটোৰ ওপৰত যৌন নিৰ্যাতন চলোৱা হয়৷ কেইবাঘণ্টা ধৰি যৌন নিৰ্যাতন চলোৱাৰ অন্তত উচহাৰা নামৰ ঠাইত পথৰ দাতিত পেলাই থৈ যায়৷ 

শিশুটোৰ পিতৃ-মাতৃ আৰু একাংশ লোকে বিচাৰ সোচাৰ কৰি থকাৰ সময়তে পথৰ দাতিত মুমূৰ্ষ অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰে৷ আৰক্ষীয়ে ততাতৈয়াকৈ অভিযান চলাই মহেন্দ্ৰ সিঙক গ্ৰেপ্তাৰ কৰে৷