ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ যোগী চৰকাৰৰ অশেষ প্ৰচেষ্টাৰ পিছতো চৰকাৰে কটকটীয়া কৰিব পৰা নাই ৰাজ্যৰ আইন ব্যৱস্থা৷ উত্তৰ প্ৰদেশৰ মেৰথত শুকুৰবাৰে নিশা সংঘটিত হোৱা এক চাঞ্চল্যকৰ ঘটনাই তাৰেই প্ৰমাণ দিয়ে৷ শুকুৰবাৰে নিশা মেৰাঠ ৰাজপথত এটা দুস্কৃতিকাৰীৰ দলে লুট-পাত চলোৱাৰ লগতে এগৰকী নৱ বিবাহিতা কইনাক গুলিয়াই হত্যা কৰা ঘটনাই সমগ্ৰ ৰাজ্যখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ মেৰাঠ জিলাৰ মোজাফ্ফৰ নগৰৰ মিমলানা জিন্দা পীৰ অঞ্চলৰ নিবাসী বাবুৰ দাদৰীৰ ফৰমানৰ সতে বিয়া থিক হয়৷ শুকুৰবাৰে দুয়োজনে বিয়া সমাপন কৰি নিশা গাজিয়াবাদাৰ পৰা মুজ্জ্ফৰনগৰলৈ আহে৷ কিন্তু মেৰাঠৰ দোৰালা ক্ষেত্ৰৰ ৫৮ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে দৰা-কইনা, দৰাৰ ভনী-ভনীজোৱাই আৰু ভাগিনীয়েকজন এখন চুইফট ডিজায়াৰ গাড়ীৰে আহি থকা সময়তে কেইজনমান দুস্কৃতিকাৰীৰ এখন গাড়ীয়ে অভাৰটেক কৰে৷
দুস্কৃতিকাৰীয়ে তেওঁলোকৰ গাড়ীখন ঘাইপথতে ৰখাই লুটপাত চলাই আ-অলংকাৰ সহ নগদ ২.৫ লাখ টকা লৈ যায়৷ ইফালে দুস্কৃতিকাৰীৰ এনে কাৰ্যত বাধা প্ৰদান কৰিবলৈ যোৱাত দুস্কৃতিকাৰীয়ে নৱ বিবহিতা ফৰমানক গুলিয়াই হত্যা কৰাৰ লগতে তেওঁলোকৰ চুইফট ডিজায়াৰ গাড়ীখন লৈ উধাও হয়৷
ক্ষন্তেক সময় পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হয় যদিও তেতিয়ালৈ দুস্কৃতিকাৰীকেইজন পলাই যাবলৈ সক্ষম হয়৷ ঘটনাৰ সতে ৩/৪জন লোক জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে৷
ঘটনা সন্দৰ্ভত মেৰাঠৰ আৰক্ষী অধীক্ষক মঞ্জিল চোনীয়ে এয়া লুটপাত সংক্ৰান্তিয় ঘটনা আছিল বুলি মন্তব্য কৰি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে৷