কোকৰাঝাৰঃ ডিব্ৰুগড়ৰ পৰা নতুন দিল্লী অভিমুখী অভিমুখী ইঅন গাড়ী এখন আজি কোকৰাঝাৰ জিলাৰ পাটগাঁওৰ ৩১ নং(গ) ৰাষ্ট্ৰীয় ঘাইপথত দূৰ্ঘটনাগ্ৰস্থ হোৱাত ইঅন গাড়ীৰ আৰোহী মমতাজ বেগম (২৫) থিতাতে নিহত হোৱাৰ উপৰিও গাড়ীখনত থকা আন তিনিগৰাকী যুৱতী আৰোহী গুৰুতৰভাৱে আহত হোৱাৰ লগতে গাড়ীখনৰ চালকগৰাকীও আহত হয় । আহত তিনিগৰাকী যুৱতী হ'ল ক্ৰমে ডিব্ৰুগড়ৰ জুনমণি মেচ (২২), আতিমা বেগম (২০) আৰু মাইনা ছেত্ৰী (২১)। আনহাতে আহত চালকগৰাকী নতুন দিল্লীৰ শচীন উপাধ্যায়(৩৭) ।
♦ নিহত এক, চালকসহ আহত ৩ যুৱতী
প্ৰাপ্ত বাতৰি মতে কালিয়েই ডিব্ৰুগড়ৰ পৰা ৰাওনা হোৱা ইঅন (নং এএচ ০৬;৫৩৯০) গাড়ীখন আজি তীব্ৰবেগে শ্ৰীৰামপুৰ অভিমুখে গৈ থাাকোতে পাটগাঁওৰ ৩১ নং (গ) ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰেক্টৰৰ সতে মুখামুখি সংঘৰ্ষ হয়। দূৰ্ঘটনাৰ ফলত গাড়ীখনৰ আটাইকেইগৰাকী আৰোহী গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে মমতাজ বেগম ঘটনাস্থলীতে নিহত হয়।
আৰক্ষীয়ে আহত আৰোহীসকলক উদ্ধাৰ কৰি কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। চিকিৎসালয়ত আহত জুনমনি মেচে সদৰি কৰা মতে তেওঁলোক চালকগৰাকীক চিনি নাপায় যদিও দূৰ্ঘটনাত নিহত হোৱা মমতাজৰ সতে চিনাকি আছিল আৰু মমতাজ বাইদেউৰ কথা মতে তেওঁলোক নতুন দিল্লীলৈ ফুৰিবলৈ গৈ আছিল।
তেওঁলোক কালিয়ে ডিব্ৰুগড়ৰ পৰা ৰাওনা হৈছিল আৰু গাড়ীৰেই নতুন দিল্লীলৈ যোৱাৰ কথাা আছিল যদিও গাড়ীখন দূৰ্ঘটনাত পতিত হয়। আনহাতে ইঅন গাড়ীখনৰ চালক তথা নিজকে দিল্লীৰ বাসিন্দা বুলি পৰিচয় দিয়া শচীন উপাধ্যায়ে সদৰি কৰা মতে দূৰ্ঘটনাত নিহত হোৱা মমতাজ বেগম তেওঁৰ সহধৰ্মিনী আছিল আৰু তেওঁলোক নতুন দিল্লীলৈ ফুৰিবলৈ যোৱাৰ কথা আছিল।
আনহাতে সমগ্ৰ ঘটনাৰ ৰেহৰূপ দেখি একাংশই ঘটনাটো মানৱ সৰবৰাহৰ সতে জড়িত থাকিব পাৰে বুলি সন্দেহ কৰিছে। ডিব্ৰুগড়ৰ পৰা ইঅন গাড়ীৰে তিনিজনী স্থানীয় যুৱতীয়ে চকুৰ চিনাকী " মমতাজ বা " আৰু এগৰাকী অচিনাক্ত চালকৰ সতে নতুন দিল্লীলৈ যাত্ৰা কৰাটোত ৰহস্যৰ গোন্ধ আছে বুলি প্ৰকাশ কৰি আৰক্ষীক ঘটনাটোৰ তদন্ত কৰিবলৈ আহ্বান জনাইছে। ইতিমধ্যে কোকৰাঝাৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীক অৱগত কৰিছে।