♦ দেৱৰগাঁও ব্লক বি পি এফৰ অধিৱেশন সম্পন্ন
কোকৰাঝাৰঃ বি পি এফ কাৰো শত্ৰুও নহয় অথবা কাৰো স্থায়ী মিত্ৰও নহয়। সময় অনুযায়ী বি পি এফে কেতিয়াবা কংগ্ৰেছৰ লগত, সময় অনুযায়ী কেতিয়াবা ইউ ডি এফৰ লগত, কেতিয়াবা বি জে পিৰ লগত আৰু কেতিয়াবা অ গ পৰ লগত থাকিবলগীয়া হ’ব পাৰে। দলটোৰ গোপন নীতিৰ সন্দৰ্ভত এনেদৰে মন্তব্য কৰিছে বি পি এফৰ সভাপতি তথা বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।
দেওবাৰে কোকৰাঝাৰ চহৰৰ নাতিদূৰৈৰ খাংখ্ৰাইবাদা বজাৰৰ পথাৰত আয়োজিত হোৱা দেবৰগাঁও ব্লক বি পি এফৰ চতুৰ্থ ত্ৰিবাৰ্ষিক অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি হাগ্ৰামা মহিলাৰীয়ে উক্ত মন্তব্য কৰে।
উপায় নাই, বি টি চিৰ উন্নয়নৰ স্বাৰ্থতে এয়া কৰিবলগীয়া হৈছে বুলি মহিলাৰীয়ে মন্তব্য কৰি বি পি এফ দলে উন্নয়নৰ স্বাৰ্থতে কাৰো স্থায়ী শত্ৰু বা স্থায়ী মিত্ৰ নহয় বুলি ঘোষণা কৰে।
ইয়াৰোপৰি মহিলাৰীয়ে বি টি চিৰ উন্নয়ন সকলোত সমভাৱে হ’ব লাগে আৰু কোকৰাঝাৰৰ দৰে চিৰাং, বাক্সা, ওদালগুৰিতো অনুষ্ঠান-প্ৰতিষ্ঠান তথা উন্নয়ন সমভাৱে হ’ব লাগে বুলি মন্তব্য কৰে। নিৰ্বাচনৰ পূৰ্বে সময় অনুযায়ী বি পি এফে কেতিয়াবা কংগ্ৰেছৰ লগত, সময় অনুযায়ী কেতিয়াবা ইউ ডি এফৰ লগত, কেতিয়াবা বি জে পিৰ লগত আৰু কেতিয়াবা অ গ পৰ লগত থাকিব বুলি তাপপৰ্যপূৰ্ণ মন্তব্যই ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে।
ইয়াৰোপৰি মহিলাৰীয়ে বি টি চি নিৰ্বাচনৰ সমান্তৰালভাৱে ভি চি ডি চি নিৰ্বাচনৰো পোষকতা কৰে। তদুপৰি বি টি চিৰ ভেন্সাৰ বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক বিশেষ সহানুভূতিৰ দৃষ্টিৰে চাবলৈ আহ্বান জনায়।
দেবৰগাঁও ব্লক বি পি এফৰ উপ-সভাপতি গিৰিশ নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বি পি এফৰ চতুৰ্থ ত্ৰিবাৰ্ষিক অধিৱেশনৰ মুকলি সভাত মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই বৰ্তমানৰ জনজাতিসকলৰ কোনো ক্ষতি নোহোৱাকৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণত বি পি এফৰ সমৰ্থন আছে বুলি মন্তব্য কৰে।
ইপিনে উক্ত সভাত বি টি চিৰ কাৰ্যবাহী সদস্য ৰাজীৱ ব্ৰহ্মই হাগ্ৰামা মহিলাৰীৰ নেৰ্তৃত্বত বি টি এ ডি এলেকাৰ প্ৰচুৰ উন্নয়ন হোৱা বুলি দাবী কৰি লোকসভা নিৰ্বাচনৰ পূৰ্বে বিভিন্ন দলৰ নেতা-পালিনেতাই চলাহী কথা ক’ব যদিও সেইবোৰ বিশ্বাস নকৰি বি পি এফ দলকে সমৰ্থন দিবলৈ আহ্বান জনাইছে।
এবছুক কঠোৰ ভাষাৰে সমালোচনা কৰি বি টি চিৰ কাৰ্যবাহী সদস্যগৰাকীয়ে লোকসভা নিৰ্বাচনত বি পি এফ দলে কোকৰাঝাৰ লোকসভা সমষ্টিত বিজয় সাব্যস্ত কৰিব বুলি দাবী কৰে।
উল্লেখ্য যে উক্ত অধিৱেশনতে আগন্তুক কাৰ্যকালৰ বাবে কেনেডী মহিলাৰীক সভাপতি আৰু সঞ্জু বসুমতাৰীক সম্পাদক হিচাপে লৈ দেৱৰগাঁও ব্লক বি পি এফৰ সমিতিখন গঠন কৰা হয়।
আজিৰ মুকলি সভাত কোকৰাঝাৰ জিলা বি পি এফৰ সভাপতি দেৰহাছাৎ বসুমতাৰী, সম্পাদক চিমচন মুছহাৰী, বড়োলেণ্ড ছাত্ৰ সন্থাৰ সভাপতি সৌগৌমচাৰ বসুমতাৰী, বি পি এফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য গোপীনাথ বৰগয়াৰী, মহিলা বি পি এফৰ নেৰ্তৃবৰ্গ আদিকে ধৰি বহু বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰাৰ বিপৰীতে কেইবা সহস্ৰাধিক জনতাই মুকলি সভাত অংশগ্ৰহণ কৰে।