কোকৰাঝাৰঃ কোকৰাঝাৰৰ ট্ৰেফিক আৰক্ষী আৰু গাড়ীচালকৰ সংঘাতৰ ফলত আজি কোকৰাঝাৰত যাত্ৰীসকলে চৰম দূৰ্ভোগ ভূগিব লগা হয়। গাড়ীচালক সকলে হঠাতেই যান বাহনৰ চলাচল বন্ধ কৰি দি আৰক্ষীৰ বিৰুদ্ধে ধৰ্ণা কাৰ্য আৰম্ভ কৰাত ছাত্ৰ-ছাত্ৰী, চাকৰিজীৱি আদিকে কৰি সাধাৰণ যাত্ৰীসকলে  আজি ব্যাপক দূৰ্ভোগ ভূগিব লগা হয়।

উল্লেখ্য যে কালি ট্ৰেফিক আৰক্ষীৰ কনিষ্টবল উৎপল ব্ৰহ্মই আৰএনবি পথত ৪০৭ মিনিবাচ এখন পাৰ্কিং কৰাক লৈয়ে চালক পুলেন ৰায়ৰ সতে তৰ্ক-বিতৰ্কত লিপ্ত হৈ চালক পুলেন ৰায়ক বেয়াকৈ প্ৰহাৰ কৰে । যাৰ পৰিণতিতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চালক পুলেন ৰায় চিকিৎসালয়ত ভৰ্তি হবলগীয়া হয়।

চালক পুলেন ৰায়ক অাইন বহিৰ্ভূতভাৱে প্ৰহাৰ কৰা ঘটনাক লৈ আজি পুৱা চালকসকল সদৰ চহৰস্থিত আসাম অইলৰ সন্মুখৰ জেডি পথত ঐক্যবদ্ধ হৈ প্ৰতিবাদ আৰম্ভ কৰে আৰু যাত্ৰীবাহী যান বাহনৰ চলাচল বন্ধ কৰি দিয়ে।

চালকসকলে ট্ৰেফিক আৰক্ষীয়ে প্ৰতিদিনে গাড়ীৰ পৰা দাবী ধমকিৰে টকা লোৱা বুলিও সদৰি কৰি চালকক প্ৰহাৰ কৰা ঘটনাৰে সতে জড়িত দোষী ট্ৰেফিক কনিষ্টবলগৰাকীক  বিভাগীয় শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে।  

পুৱাৰে আৰম্ভ হোৱা এনে প্ৰতিবাদৰ ফলত প্ৰতিবাদথলীত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক হাজিৰ হৈ চালক সন্থাৰ সতে মিলিত হৈ অভিযুক্ত ট্ৰেফিক কনিষ্টবলগৰাকীৰ কাৰ্যক পৰ্যালোচনা কৰি ব্যৱস্থা গ্ৰহন কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰাত দুপৰীয়া ১২:৩০ বজাৰ পৰা প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰে।