লখিমপুৰঃ লখিমপুৰ জিলাৰ বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত কদম পঞ্চায়তৰ কাকৈ লাইমেকুৰি হাজং গাঁও আৰু নভঙীয়া হাজং গাঁও সংযোগী কাকৈ নৈৰ ওপৰত থকা একমাত্ৰ জৰাজীৰ্ণ এই বাহৰ দলং খন। এই জৰাজীৰ্ণ বাঁহৰ দলংখনেৰে স্থানীয় অঞ্চলবাসী তথা ছাত্ৰ- ছাত্ৰী সকল বছৰ বছৰ ধৰি বিপদ সংকুলভাৱে আহ-যাহ কৰি আহিছে। 

কিন্তু কাণসাৰ নাই জনপ্ৰতিনিধি কিম্বা বিভাগীয় কৰ্তৃপক্ষৰ।

উল্লেখ্য যে, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেৰ নিজ সমষ্টীত এই বাঁহৰ দলংখনে প্ৰতিফলিত কৰিছে পৰিৱৰ্তনৰ শ্ল’গান দি গাদী দখল কৰা বিজেপি চৰকাৰৰ ফোপোলা স্বৰূপ। 

বছৰ বছৰ ধৰি স্থানীয় ৰাইজে গাঁঠিৰ ধন খৰচ কৰি বাঁহৰ দলং নিৰ্মাণ কৰে জদিও বাৰিষা যাতায়তৰ উপযোগীহৈ নুঠে। অঞ্চলবাসী ৰাইজে জনপ্ৰতিনিধি বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অৱগত কৰে যদিও শুনিও নুশুনাৰ ভাও জুৰে বিভাগীয় কৰ্তৃপক্ষই৷

শেষত স্থানীয় অঞ্চলবাসীৰ ৰাইজে এই বাৰিষাৰ পূৰ্বে দলং খন নিৰ্মাণ কৰি ৰাইজকৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক বিপদৰপৰা উদ্ধাৰ কৰিবলৈ চৰকাৰক অনুৰোধ জনায়৷