প্ৰতীকি ফটো
প্ৰতীকি ফটো

লংকাঃ  অসমত প্ৰবঞ্চকে মেলিছে জাল। বিভিন্ন লোভ দেখুৱাই বিভিন্নজনৰ পৰা লুটি নিছে লক্ষাধিক টকা। এনে এক অঘটনৰ পৰা আজি কথমপি ৰক্ষা পৰিল লংকাৰ এগৰাকী কলেজীয়া ছাত্ৰী।

জানিব পৰা মতে আজি পুৱা লংকা মহাবিদ্যালয়ৰ তৃতীয় ষান্মাষিকৰ এগৰাকী ছাত্ৰীলৈ ৯৫৭২২২-৮৬০৩২ নম্বৰৰ পৰা ফোন কৰি কোনো অজ্ঞাত লোকে নিজকে এয়াৰটেল অফিচৰ কৰ্মচাৰী বুলি পৰিচয় দি ছাত্ৰীগৰাকীৰ নামত এখন পালচাৰ বাইক আৰু নগদ ৫১০০০ হাজাৰ টকাৰ লটেৰী লগা বুলি কয়।

এই উপহাৰ লাভ কৰিবলৈ হ'লে ছাত্ৰীগৰাকীয়ে আজিয়েই সেই অজ্ঞাত লোকৰ একাউন্টত ৭০০ টকা জমা কৰিব লাগিব বুলিও জনায়। পূৰ্বে কেতিয়াও এনে ঘটনাৰ সন্মুখীন নোহোৱা ছাত্ৰীগৰাকীয়ে উক্ত ফোনকলৰ পাছত বিভ্ৰান্তিত পৰি সাংবাদিকলৈ ফোন কৰে। 

পাছত সাংবাদিকে এনে ফোনকলবোৰ ভুৱা বুলি জানিবলৈ দি সেইবোৰৰ প্ৰতি গুৰুত্ব নিদিবলৈ পৰামৰ্শ আগবঢায়। সাংবাদিকজনলৈ ফোন কৰি বিষয়টো সন্দৰ্ভত নিশ্চিত হৈ প্ৰবঞ্চকৰ জালত ভৰি দিয়াৰ পৰা বিৰত থাকে ছাত্ৰীগৰাকী। 

উল্লেখ্য যে, দিনে দিনে ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাবলৈ লৈছে এনে ঘটনা। ইতিমধ্যে এনে প্ৰৱঞ্চকৰ প্ৰৱঞ্চনাৰ বলি হৈ বহু জনা-বুজা লোক আনকি আৰক্ষী বিভাগত কৰ্মৰত লোকেও সৰ্বস্বান্ত হেৰুৱাই অাহিছে।