উজ্জ্বল চৌধুৰী, লিডুঃ এক শোকাৱহ ঘটনা সংঘটিত হয় তিনিচুকীয়া জিলাৰ ডিগবৈত৷ ডিগবৈত বিদ্যুৎস্পৃষ্ট হৈ একে ঘৰৰ দুই বোৱাৰী একেলগে মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ বিৰাজ কৰিছে৷

বোৱাৰী দুগৰাকী নাম ৰীতা মুখিয়া (২১) আৰু অঞ্জু মুখিয়া (৩৫)৷ ডিগবৈৰ ১ নং গোলাইৰ নিজা ঘৰত সংঘটিত হয় এই ঘটনা৷ ঘৰত একেলগে একেটা কোঠাত কাম কৰি থাকোতে বিদ্যুতৰ ওলমি থকা  তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হয় দুয়োগৰাকী বোৱাৰী।

জানিব পৰা মতে, প্ৰথমে এগৰাকী তাঁৰত লগাৰ পাছত আন গৰাকীয়ে বচাবলৈ যাওঁতেই এনেদৰে দুয়ো গৰাকীয়ে একেলগে অকাল মৃত্যুক সাৱটি ল’ব লগা হয়। দুয়োকে ডিগবৈ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷

কণ কণ সন্তানৰ মাক দুগৰাকী এনে মৃত্যুত পৰিয়ালটোৰ সকলোৱে শোকত ভাঙি পৰিছে।