লিডুঃ লিডু কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ এখন সাধাৰণ সভা ৪ মাৰ্চত লিডু শংকৰ দেৱ বিদ্যা পীঠ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যায় । লোকনাথ কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বিগত বৰ্ষৰ মুখ্য সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে উদ্দেশ্য বাখ্যা কৰে আৰু বিগত বৰ্ষৰ আয় ব্যয়ৰ খতিয়ান ডাঙি ধৰে।
সভাত লিডু অঞ্চলৰ বিশিষ্ট সমাজ সেৱক ডক্টৰ ৰঞিজিত দত্ত, সোমেশ্বৰ নেওগ, নোমল গগৈ, দণ্ডেশ্বৰ মিলি, মহেন্দ্ৰ বৰুৱা, হৰিনাৰায়ন বৰুৱা, ডম্বৰুধৰ নেওগ ইত্যাদিকে প্ৰমুখ্য কৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷
লগতে প্ৰত্যেকেই আগন্তোক ৰঙালী বিহুখনি কেনেদৰে উদাপন কৰিব পাৰি সেই সন্দৰ্ভত বক্তব্য ডাঙি ধৰে। আনহাতেদি সভাত পুৰনি সমিতিখন ভংগ কৰি ডক্টৰ ৰঞ্জিত দত্তক সভাপতি সুখদেৱ শৰ্মাক, কাৰ্যকৰী সভাপতি ডক্টৰ দিপালী বৰপুজাৰী, দনণ্ডেশ্বৰ মিলি, অনীলা ফুকন, বিকাশ বৰুৱাক, উপ-সভাপতি ৰাণাজ্যোতি নেওগক।
মুখ্য সাধাৰণ সম্পাদক তপন দে’, মনোজ গগৈ, সাধাৰণ সম্পাদক শ্যামল নেওগ ঈশ্বৰ জ্যোতি গগৈ আৰু দৰেন্দ্ৰজিৎ সিংহক যুটীয়া সম্পাদক, উজ্জ্বল চৌধুৰীক সাংস্কৃতিক সম্পাদক, প্ৰদীপ শইকীয়া, প্ৰশান্ত বৰাক সহকাৰী সাংস্কৃতিক সম্পাদক, গীতা দেৱী নেওগ, বিনু কলিতা ভূঞা, স্বৰাজ নেওগক প্ৰতিযোগিতা সম্পাদক আৰু হৰি নাৰায়ণ বৰুৱাক কোষাধ্যক্ষ হিচাপে লৈ ৪১ জনীয়া সদস্যৰে ৫৪ তম লিডু কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিখন গঠন কৰা হয়।