newsnextone.com | ডিজিটেল ডেস্কঃ মূল্যবৃদ্ধিয়ে দেশৰ জনগণক কোঙা কৰাৰ সময়তে বেংকৰ সুদৰ হাৰ বৃদ্ধি কৰিলে চৰকাৰে৷ এবাৰতে বৃহৎ হাৰত বৃদ্ধি কৰিলে সুদৰ হাৰ৷ ৰেপোৰেট খণ্ডত মৌলিক ২৫ পইণ্ট বৃদ্ধি কৰি ৬.২৫ কৰিলে ৰিজাৰ্ভ বেংকে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চাৰিবছৰৰ কাৰ্যকালৰ ভিতৰত ৰিজাৰ্ভ বেংকৰ পৰা ঋণ লোৱা আন বেংকৰ ঋণৰ সুদৰ হাৰ বৃদ্ধি কৰা হয়৷ বুধবাৰে ছয়জনীয়া মণিটৰী সমিতিয়ে এই সিদ্ধান্ত লয়৷ ইয়াৰ দ্বাৰা ঋণৰ বিনিময়ত দিবলগীয়া কিস্তিৰ টকাৰ পৰিমাণ বৃদ্ধি হ’ব৷
মোডীৰ কালৰ ৪ বছৰৰ ভিতৰত এয়াই প্ৰথম বৃদ্ধি কৰা হয় ৰেপোৰেট সুদৰ হাৰ৷ তাৰ লগে লগে ৰিজাৰ্ভ বেংকে আন বেংকৰ পৰা লোৱা ঋণৰ সুদৰ পৰিমাণ অৰ্থাৎ ৰিভাৰ্ছ ৰেপোৰেট ঋণৰ সুদৰ হাৰ বৃদ্ধি কৰে৷
২০১৪ বৰ্ষৰ মোডীয়ে ক্ষমতাত অহাৰ পিছতে জিএছটি, নোটবন্দী আৰু প্ৰতি বিধ সামগ্ৰীৰ দাম বৃদ্ধি কৰি ৰাইজক মাধমাৰ শোধাইছে৷ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ গৱৰ্ণৰ উৰ্জিত পেটেলে বহু দিনৰ মূৰকত ৰেপোৰেট ঋণৰ সুদৰ হাৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা বুলি কয়৷ ৰিজাৰ্ভ বেংকত ৰেপোৰেট বৃদ্ধি হোৱাৰ ফলত বেংকৰ ঋণৰ সুদৰ হাৰ বৃদ্ধি হ’ব৷
জিডিপিৰ হাৰ নিম্নগামী, মুদ্ৰাস্ফীতি, পেট্ৰল-ডিজেলৰ দাম বৃদ্ধি, ডলাৰৰ বিপৰীতে টকাৰ মূল্য কম হোৱাৰ ফলতে দেশৰ চৰকাৰে বেংকৰ ৰেপোৰেট সুদৰ হাৰ বৃদ্ধি কৰিবলৈ বাধ্য হয়৷ চলিত বৰ্ষত জানুৱাৰীৰ পৰা-মাৰ্চলৈকে দেশৰ আৰ্থিক হাৰ আছিল ৭.৭৷ এয়াই আছিল চলিত বছৰত সৰ্বাধিক৷ ৰেপোৰেট ঋণৰ সুদৰ হাৰ বৃদ্ধি কৰাৰ ফলত সাধাৰণ লোক, নতুবা উদ্যোগপতি আদিৰ প্ৰভাৱ নপৰে বুলি কোৱা হয় যদিও বেংক সমূহে ৰিজাৰ্ভ বেংকক ঋণৰ সুদৰ হাৰ বেছিকৈ দিব লগীয়া হোৱাৰ ফলত জনসাধৰণৰ পৰাই এই ধন সংগ্ৰহ কৰিব লগা হয়৷ বেংকৰ পৰা উদোগপতি, সাধাৰণ লোকেহে ঋণ লয়৷