মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত জাগুনত স্থানীয় ৰাইজ আৰু দল-সংগঠনে বৰডুমচাৰ পৰা জাগুন-দিহিং নদীঘাট হৈ ৰাষ্ট্ৰীয় ঘাইপথেৰে মাৰ্ঘেৰিটা নগৰৰ এক বিশেষ স্থানলৈ খোজ কঢ়াই আনি থকা অৱস্থাত আঠজন লোকসহ ৮০টা গৰু জব্দ কৰি স্থানীয় আৰক্ষীক চমজাই দিয়ে৷

আৰক্ষীয়ে লোককেইজনক জিম্মাত লৈ সোধ-পোছ অব্যাহত ৰাখিছে৷ স্থানীয় ৰাইজৰ ভাষ্য মতে উক্ত গৰু ব্যৱসায়ীকেইজনৰ হাতত কালি বৰডুমচাৰ বৃহস্পতিবৰীয়া বজাৰৰ পৰা গৰু ক্ৰয়ৰ ৰচিদৰ বাহিৰে বিভাগীয় গৰু বেহাৰ অনুমতি, পশু চিকিৎসকে গৰুকেইটাক প্ৰদান কৰা স্বাস্থ্য পৰীক্ষাৰ প্ৰমাণ-পত্ৰ আদি কোনো বৈধ নথি নাছিল৷

স্থানীয় সূত্ৰৰ অভিযোগ মতে বৰডুমচা বজাৰৰ পৰা ক্ৰয় কৰা গৰুসমূহ পদব্ৰজে উক্ত চক্ৰটোৱে বজাৰৰ পৰা বৃহস্পতিবাৰে ক্ৰয় কৰি আনি  সন্ধিয়া জাগুন বুঢ়ীদিহিংঘাটত বাহৰ পাতে আৰু শুকুৰবাৰে পুৱা ৰাষ্ট্ৰীয় ঘাইপথেৰে জাগুনৰ মাজেৰে সন্ধিয়া মাৰ্ঘেৰিটা পায়৷

কিন্তু বিভাগীয় নিয়ম অনুসাৰি গৰুক পদব্ৰজে ২৪ ঘন্টাত ৫ৰ পৰা ৬ ঘন্টাহে খোজ কঢ়াব পাৰি; আনহাতে এই চক্ৰসমূহে বৰডুমচা বজাৰৰ পৰা মাৰ্ঘেৰিটা নগৰলৈকে অমানৱীয়ভাৱে ২৪ ঘন্টাত দীৰ্ঘ ৪৫ কি়ঃ মিঃ পথ খোজ কঢ়াই আনে৷

বৰডুমচাৰ পৰা মাৰ্ঘেৰিটা নগৰলৈ ১০০ৰ পৰা ২০০টা পৰ্যন্ত গৰু সৰবৰাহেৰে এই বেহা প্ৰত্যেক সপ্তাহত অব্যাহত আছে যদিও প্ৰশাসে ৰহস্যজনক মৌনতা অৱলম্বন কৰা বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে৷

আজি গৰুকেইটাৰ সৈতে ৰাইজে আটক কৰা লোককেইজনে নিজকে কেৱল সাধাৰণ কৰ্মচাৰী আৰু বৰডুমচাৰ পৰা গৰুসমূহ কিনি আনি মাৰ্ঘেৰিটা পোৱাই দিয়াতেই তেওঁলোকৰ কাম সীমাবদ্ধ বুলি মন্তব্য কৰাৰ লগতে তেওঁলোকে মাৰ্ঘেৰিটা নগৰৰ পাঁচজন বিশেষ ব্যৱসায়ীৰ হৈ এই কাম কৰে বুলি স্বীকাৰ কৰে৷

আনহাতে মাৰ্ঘেৰিটা নগৰৰ এক সূত্ৰই নগৰখনৰ বিশেষ স্থানৰ পৰা দুপৰ নিশা কোনো অজ্ঞাত স্থানলৈ ট্ৰাক বা আন গাড়ীৰে দীৰ্ঘদিন ধৰি গৰু সৰবৰাহ কৰি অহা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে।