newsnextone.com | ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ প্ৰধান সচিব শশী প্ৰকাশ গোৱেলৰ বিৰুদ্ধে উৎকোচ লোৱা বুলি অভিযোগ উত্থাপন কৰা অভিষেক গুপ্তা নামৰ ব্যক্তিগৰাকীক আৰক্ষীয়ে জিম্মাত লয়৷ এই ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে নিশা হজৰতগঞ্জ আৰক্ষী থানাত প্ৰতাৰণাৰ এটা গোচৰ ৰুজু কৰা হৈছিল৷ 

উল্লখ্য যে, লক্ষ্নৌৰ বাসিন্দা অভিষেক গুপ্তাই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব এছপি গোৱেলৰ বিৰুদ্ধে ২৫ লাখ টকা উৎকোচ বিচৰাৰ অভিযোগ উত্থাপন কৰিছিল৷ ইফালে, অভিষেকক আটক কৰাৰ পিছতেই অভিষেকৰ পৰিয়ালে আৰক্ষীৰ তদন্তৰ বিৰোধিতা কৰে৷ পৰিয়ালে নিৰপেক্ষ তদন্তৰ দাবী জনায়৷

ঘটনা সন্দৰ্ভত লক্ষ্নৌৰ এছএছপি দীপক কুমাৰে কয় যে, বিজেপিৰ প্ৰদেশ কাৰ্যালয় প্ৰভাৰী ভাৰত দিক্ষীতে দলৰ পদাধিকাৰীৰ নামৰ দুৰ্ব্যৱহাৰ কৰা গুপ্তাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত কৰিবলৈ দাবী জনাইছিল৷ 

এই দাবী উত্থাপনৰ পিছতে হজৰতগঞ্জ আৰক্ষী থানাত অভিষেক গুপ্তাৰ বিৰুদ্ধে প্ৰতাৰণাৰ এটা গোচৰ ৰুজু কৰা হয়৷ সদ্যহতে আৰক্ষীয়ে অভিষেক গুপ্তাক আৰক্ষী জিম্মাত ৰাখি সোধপোছ অব্যাহত ৰখা বুলি জানিব পৰা গৈছে৷

ঘটনাৰ গভীৰতালৈ চাই মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মুখ্য সচিব ৰাজীৱ কুমাৰক হৰদোইস্থিত অভিষেক গুপ্তাৰ পেট্ৰল পাম্পটোৰ স্থাপন সম্বন্ধীয় কাৰ্য্যৰ তৎতকালীন তদন্ত কৰি ৰিপোৰ্ট কৰিবলৈ নিৰ্দেশ দিছে৷

উল্লেখ্য যে, অভিষেক গুপ্তাই হৰদোই জিলাৰ চণ্ডীলা তহচিল কেৰৌচো গাঁৱত পেট্ৰল পাম্প স্থাপনৰ বাবে ভূমিৰ উচ্চতা কম হোৱাত আৱশ্যক ভূমি প্ৰদান কৰিবলৈ আবেদন জনাইছিল৷ কিন্তু তেওঁৰ আবেদন নিয়মানুসাৰ নহোৱা বাবে খাৰিজ কৰা হৈছিল৷

ইয়াৰ পিছতে অভিষেক গুপ্তাই ৰাজ্যপালৰ ওচৰত অভিযোগ উত্থাপন কৰিছিল যে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ এগৰাকী বিষয়াই ভূমি আৱন্টনৰ নামত তেওঁৰ পৰা ২৫ লাখ টকা উৎকোচ বিচাৰিছে৷ উৎকোচ নিদিয়া বাবে তেওঁ কৰা আবেদন খাৰিজ কৰা বুলিও অভিযোগ কৰে অভিষেক গুপ্তাই৷

আনহাতে অভিষেক গুপ্তাৰ অভিযোগৰ পিছতে ৰাজ্যপাল ৰাম নায়কে এই ঘটনাৰ বিচাৰৰ বাবে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে৷