ডিজিটেল ডেস্কঃ মেজৰ লিটুল গগৈৰ সতে জন্মু-কাশ্মীৰৰ হোটেলত উদ্ধাৰ হোৱা যুৱতীগৰাকীৰ বয়সক লৈ সৃষ্টি হৈছে মতানৈক্যৰ৷ বুধবাৰে শ্ৰীনগৰৰ এখন হোটেলৰ পৰা মেজৰ লিটুল গগৈ আৰু যুৱতী এগৰাকীক উদ্ধাৰ কৰাৰ পিছত আৰক্ষীয়ে দুয়োজনৰে মাজত শাৰিৰীক সম্পৰ্ক থকা বুলি দাবী কৰিছিল৷

ইফালে, যুৱতীগৰাকীৰ পিতৃয়ে দাবী কৰা অনুসৰি উদ্ধাৰ হোৱা যুৱতীগৰাকী নাবালিকা হৈ আছে৷ ছোৱালীজনীৰ জন্ম ২০০১ চনত হোৱা বুলি দাবী কৰি এগৰাকী নাবালিকাক প্ৰলোভনেৰে দুস্কাৰ্য সাধন কৰিব বিচৰা মেজৰ লিটুল গগৈক উচিত শাস্তি প্ৰদানৰ কাৰণে পিতৃয়ে দাবী জনায়৷ কিন্তু যুৱতীগৰাকীৰ পৰিয়ালে ছোৱালীগৰাকীৰ বয়সৰ কোনো প্ৰমাণ পত্ৰ দেখুৱাবলৈ সক্ষম হোৱা নাই৷

উল্লখ্য যে, মেজৰ লিটুল গগৈয়ে যোৱা বৰ্ষত এজন প্ৰতিবাদকাৰীক আৰ্মীৰ জীপৰ সন্মুখত বান্ধি প্ৰতিবাদকাৰীৰ শিলাবৰ্ষণৰ পৰা ৰক্ষা পোৱাৰ অভিনৱ কৌশল অৱলম্বন কৰিছিল৷ যাৰ বাবে তেওঁ প্ৰশাসন তথা সাধাৰণ জনতাৰ পৰা সন্মান আদায় কৰিবলৈ সক্ষম হৈছিল৷

কিন্তু বুধবাৰে শ্ৰীনগৰৰ এখন হোটেলত এগৰাকী যুৱতীৰ সৈতে লিটুল গগৈক আৰক্ষীয়ে উদ্ধাৰ কৰে৷ আৰক্ষীয়ে বুধবাৰে গগৈক আৰক্ষী জিম্মাত লয়৷ আনহাতে লিটুল গগৈ আৰু যুৱতীগৰাকীয়ে হোটেলত কি কৰি আছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ আৰক্ষীয়ে জনোৱা মতে লিটুল গগৈৰ বিৰুদ্ধে এতিয়াও কোনো অপৰাধৰ গোচৰ ৰুজু কৰা হোৱা নাই৷

আনহাতে বৃহস্পতিবাৰে যুৱতীগৰাকীৰ মাতৃক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰতো মাতৃয়ে যুৱতীগৰাকী নাবালিকা বুলি দাবী কৰে৷ মাতৃৰ মতে যুৱতীগৰাকীয়ে দশম শ্ৰেণীত অনুত্তীৰ্ণ হোৱাৰ পিছত এটা নিজা ববীয়া সংস্থাত কাম কৰিবলৈ লয়৷ যুৱতীগৰাকী আৰু মাতৃয়ে লিটুল গগৈক পূৰ্বে চিনি নাপায় বুলিও দাবী কৰে৷ 

আনহাতে, কিদৰে যুৱতীগৰাকী আহি শ্ৰীনগৰ হোটেল পালে, সেই বিষয়েও মাতৃয়ে একো নাজানে বুলি সংবাদিকৰ আগত মত প্ৰকাশ কৰে৷ কিন্তু তাৎপৰ্যপূৰ্ণ কথা যে মাতৃয়েও যুৱতীগৰাকীৰ বয়সৰ প্ৰমাণ পত্ৰ দেখুওৱাত অসফল হয়৷

আনহাতে, আৰক্ষীৰ কেইবাজনো বিষয়াই দাবী কৰা মতে যুৱতীগৰাকী নাবালিকা হৈ থকা নাই৷ যুৱতীগৰাকীৰ জন্ম ১৯৯৯ চনত বুলি দাবী কৰে আৰক্ষীয়ে৷ যুৱতীগৰাকী প্ৰাপ্তবয়স্ক বুলি দাবী কৰি আৰক্ষীয়ে কয় যে যুৱতীগৰাকী আৰু গগৈৰ মাজৰ সম্পৰ্ক দুয়োজনৰ সহমততে গঢ় লৈ উঠা৷ গতিকে লিটুল গগৈৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু কৰা নহয়৷

আনহাতে দ্য ট্ৰিবিউন নামৰ বাতৰি কাকতখনৰ মতে যুৱতীগৰাকীয়ে নিজৰ ইচ্ছা মতেই হোটেললৈ আহিছিল৷ যুৱতীগৰাকীয়ে লিটুল গগৈৰ সৈতে সময় পাৰ কৰিব বিছাৰিছিল বুলিও বাতৰিখনত প্ৰকাশ হয়৷ ইফালে যুৱতীগৰাকীয়ে নিজৰ আধাৰকাৰ্ড দণ্ডাধীশক দেখুৱায়৷ য’ত তেওঁৰ জন্ম ১৯৯৯ চনত হোৱা বুলি দেখুওৱা হৈছে৷ 

আৰক্ষীয়ে মেজৰ লিটুল গগৈৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু কৰা নাই যদিও বৰ্তমানেও ঘটনাটোৰ উচিত তদন্ত বাকী আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ যদি যুৱতীগৰাকী নাৱালিকা বুলি প্ৰমাণিত হয়, তেন্তে জন্মু-কাশ্মীৰত সাহস আৰু বুদ্ধিৰ পৰিচয় দিবলৈ সক্ষম হোৱা মেজৰ লিটুল গগৈয়ে কাৰাগাৰৰ জীৱন কটাবলগীয়াও হ’ব পাৰে বুলি শ্ৰীনগৰ আৰক্ষীয়ে মন্তব্য কৰে৷