newsnextone.com | ডিজিটেল ডেস্কঃ চাৰ্জ দিয়াৰ সময়ত স্মাৰ্টফোন বিস্ফোৰণ ঘটি মৃত্যু হ’ল মালয়েছিয়াৰ এটি চৰকাৰী সংস্থাৰ মুখ্য কাৰ্যবাহী বিষয়াৰ৷ দুখজনক এই ঘটনাৰ চিকাৰ হৈছে মালয়েছিয়াৰ বিত্ত মন্ত্ৰণালয়ৰ অধীনস্থ সংস্থা ক্ৰাডেল ফাণ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া নাজৰিন হাচান৷ চাৰ্জ দি ৰখা তেওঁৰ স্মাৰ্টফোন ফাটি শোৱনি কোঠাত জুই লাগে বুলি জানিব পৰা গৈছে৷

জানিব পৰা মতে, নাজৰিন হাচানে ব্লেকবেৰী আৰু হুৱাওই কোম্পানীৰ দুটা স্মাৰ্টফোন ব্যৱহাৰ কৰে৷ বিস্ফেৰণ সংঘটিত হোৱাৰ সময়তে দুয়োটা ফোনেই চাৰ্জত দিয়া আছিল৷ বিস্ফোৰণৰ ফলত কোঠাত সংঘটিত হোৱা অগ্নিকাণ্ডৰ বাবে কোনটো ফোনৰ কাৰণে বিস্ফোৰণ ঘটিল, সেয়া জানিব পৰা নগ’ল৷ স্মাৰ্ট ফোনৰ বিস্ফোৰণেই হাচানৰ মৃত্যুৰ কাৰণ হ’লেও প্ৰকৃততে কিভাৱে তেওঁৰ মৃত্যু ঘটিল সেয়া লৈ আৰক্ষীয়ে এতিয়াও নিশ্চত নহয়৷

নাজৰিন হাচানৰ চিকিৎসকে জনোৱা মতে, মোবাইল ফাটি যোৱাত মোবাইলৰ ভগা টুকুৰাই হাচানৰ মগজুত আঘাত কৰে৷ যাৰ ফলত মূৰত তেজ জমা হয়৷ তেওঁৰ শোৱনি কোঠাত অগ্নি সংযোগ হোৱাৰ পূৰ্বেই হাচানে মৃত্যুক আঁকোৱালি লোৱা বুলিও সন্দেহ প্ৰকাশ কৰে ডাক্তৰে৷