ডিজিটেল ডেস্কঃ মানুহে যোতিয়া কোনো দোষ কৰে তাৰ পৰা হাত সাৰিবলৈ বিভিন্ন কাৰণ দৰ্শায়, কেতিয়াবা আকৌ কাৰোবাক অদ্ভুদ পৰিপন্থাও গ্ৰহন কৰা দেখা যায়৷ কোটি কোটি টকাৰ ধৰুৱা বিজয় মালিয়াই ভাৰতলৈ ওভতি নহাৰ যুক্তি বৰ সুন্দৰ৷ ভাৰতলৈ ঘুৰি নহাৰ কাৰণ বোধহয় ইয়াতকৈ আৰু যুক্তি বিচাৰিলেও নোলাব৷
লণ্ডনৰ ওৱেচমিনষ্টাৰ আদালতে ভাৰতৰ প্ৰত্যাৱৰ্তনৰ আর্জিৰ শুনানিত বৃহস্পতিবাৰে বিজয় মালিয়াই ভাৰতৰ কাৰাগাৰৰ অবস্থা একেবাৰে বেয়া বুলি কয়। সেয়ে প্ৰত্যাৱৰ্তনৰ কৰিলে তেওঁৰ মানুহ হিচাপে অধিকাৰ খর্ব হ’ব।
মালিয়াই এনে কৰিব পাৰে বুলি আগতীয়াকৈ জানিছিল ভাৰত প্ৰশাসনে৷ সেয়ে মালিয়া অহা আগতেই মুম্বাইৰ আৰ্থাৰ ৰোড জেলৰ অবস্থা ঠিক ঠিক কৰি হাই চিকিউৰিটি দিয়াৰ বন্দোবস্থ কৰিছে৷
উল্লেখযোগ্য যে লণ্ডনৰ আদালতত ভাৰতৰ আর্জিৰ বিষয়টোৰ শুনানিৰ তাৰিখ দিয়া হৈছে অহা ৪ ডিচেম্বৰ। তাৰে আগতে ১৭ নৱেম্বৰৰ ভিতৰত মালিয়াৰ পক্ষই যাৱতীয় তথ্য দাখিল কৰা হ’ব আদালতত।