newsnextone.com | ডিজিটেল ডেস্কঃ শিক্ষাত জাতি বিভাজনৰ ফলত মদ্যপ্ৰদেশত ছাত্ৰ আৰু চৰকাৰৰ মাজত মতভেদ পৰিলক্ষিত হৈছে৷ মধ্যপ্ৰদেশৰ শিক্ষা বিভাগে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ছাত্ৰসকলক শিক্ষাৰ অগ্ৰাধিকাৰ প্ৰদান কৰাৰ লগতে লেপটপ, চাইকেল আদি প্ৰদান কৰাত সাধাৰণ শ্ৰেণীৰ শিক্ষাৰ্থীসকল চৰকাৰৰ কাৰ্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে৷ 

জানিব পৰা মতে সোমবাৰে এক অনুষ্ঠানত মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক এগৰাকী ছাত্ৰই মামা সম্বোধন কৰি মুকলিকৈ শিক্ষাত জাতিভেদ নীতিৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰে৷ মুখ্যমন্ত্ৰীগৰাকীৰ আগত অসন্তুষ্টি প্ৰকাশ কৰা ছাত্ৰগৰাকীয়ে পৰীক্ষাত ৮০ শতাংশ নম্বৰ লৈ উৰ্ত্তীৰ্ণ হোৱাৰ বিপৰীতে এগৰাকী অনুসূচিত জাতিৰ ছাত্ৰই ৭৯ শতাংশ নম্বৰ লৈ উৰ্ত্তীৰ্ণ হোৱাত শিক্ষা বিভাগে সেই ছাত্ৰজনক লেপটপ প্ৰদান কৰিছিল৷ 

ছাত্ৰগৰাকীয়ে মুখ্যমন্ত্ৰীৰ আগত অভিযোগ তুলি কয় যে, সংৰক্ষিত শ্ৰেণীৰ ছাত্ৰ গৰাকীৰ তুলনাত তেওঁ অধিক নম্বৰ লাভ কৰি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে৷ কিন্তু তেওঁক চৰকাৰে কোনো অনুদান প্ৰদান নকৰিলে৷ তাৰ বিপৰীতে কেৱল সংৰক্ষিত শ্ৰেণীৰ অন্তৰ্গত হোৱাৰ বাবেই আনজন ছাত্ৰক চৰকাৰে সাহায্য প্ৰদান কৰে৷ 

উল্লেখ্য যে, ভুপালৰ মাডল স্কুল প্ৰেক্ষাগৃহত এক অনুষ্ঠানত উপস্থিত হৈ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে চাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দি আছিল৷ এই অনুষ্ঠানৰ মাজতে সাহসী ছাত্ৰজনে মুখ্যমন্ত্ৰীৰ আগত অসন্তুষ্টি ব্যক্ত কৰি কয়, ‘মামা, অন্ততঃ শিক্ষাত শ্ৰেণী বিভাজন নকৰিব৷’

আনহাতে অনুষ্ঠানত ছাত্ৰগৰাকীক নিজৰ মত প্ৰকাশ কৰাত বিষয়াসকলে বাধা প্ৰদান কৰিছিল যদিও পিচত মুখ্যমন্ত্ৰী শিৱৰাজে ছাত্ৰ গৰাকীক মত প্ৰকাশৰ সুযোগ দি তাৰ উত্তৰ দিয়ে৷ 

ছাত্ৰগৰাকীৰ প্ৰশ্নৰ উত্তৰ দি শিৱৰাজে কয় যে আমাৰ দেশত ভিন্ন ৰঙৰ বিভিন্ন ফুল আছে৷ আমি প্ৰত্যেক ফুলকে ৰক্ষা কৰা উচিত৷ আমি হৃদয়বান হোৱা উচিত৷ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে জাতিৰ ভিত্তিত নিৰ্মাণ নকৰা বিভিন্ন চৰকাৰী যোজনা সমূহৰ বিষয়েও ছাত্ৰগৰাকীক অৱগত কৰায়৷