newsnextone.com | ডিজিটেল ডেস্কঃ বিশ্বাস হৈছে কোনো সম্পৰ্কৰ সৰ্বোচ্চ শক্তি৷ যি সম্পৰ্কত বিশ্বাস নাই, তেন্তে সম্পৰ্কও দীৰ্ঘস্থায়ী হোৱাৰ সম্ভাৱনা নাথাকে৷ পতি-পত্নীৰ মাজৰ ভালপোৱাই হওক বা পিতা-পুত্ৰৰ মাজৰ আৱেগিক বান্ধোন, সকলোবোৰ সম্পৰ্কই বিশ্বাসৰ ভেটিতেই গঢ় লৈ উঠে৷ যদি কোৱা হয় যে বিশ্বাস নদীৰ দুটি পাৰ সংযোগ কৰা এখন সাকোঁৰ নাম, তেন্তে সেয়াও হয়তো ভুল কোৱা নহ’ব৷

কিন্তু কেতিয়াবা বিশ্বাস হেৰাই যায়৷ যাৰ ফলত সম্পৰ্কত ঘুনে ধৰিবলৈ আৰম্ভ কৰে৷ পাৰিবাৰিক জীৱনৰ মাজত বিশ্বাসৰ বান্ধোন চিঙি গ’লেই আৰম্ভ হয় বিচ্ছেদ, প্ৰতাড়না আদিৰ কাহিনী৷ 

শেহতীয়াকৈ পত্নীৰ ওপৰত বিশ্বাস হেৰুৱাই ৰঙা ঘৰত সোমাল এজন ব্যক্তি৷ পত্নীৰ আন পুৰুষৰ সতে সম্বন্ধ থকাৰ সন্দেহ কৰি শোৱনী কোঠাত গোপন কেমেৰা লগাই অপৰাধী হ’ল স্বামী৷

মহাৰাষ্ট্ৰৰ সদাব্যস্ত পুনেৰ কালেপেডাল অঞ্চলত সংঘটিত হয় এই ঘটনা৷ যোৱা চৰি মাহে এজন ব্যক্তিয়ে পত্নীৰ শোৱনী কোঠাত গোপন কেমেৰা সংস্থাপন কৰিছিল৷ সম্প্ৰতি এই বিষয়ে জানিব পাৰে তথ্য প্ৰযুক্তি ক্ষেত্ৰত কৰ্মৰত মহিলাগৰাকীয়ে৷ পিছত তেওঁ স্বামীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে৷ 

জানিব পৰা মতে, বাংগালুৰুৰ বাসিন্দা দম্পত্তিহালৰ এটি ১২ বছৰীয়া সন্তানো আছে৷ প্ৰথমে তেওঁলোকৰ সম্পৰ্ক সুখেৰে অতিবাহিত হৈছিল যদিও কিছুদিন পূৰ্বে বিদেশ ভ্ৰমণ কৰি উভটি অহাৰ পিছৰে পৰা স্বামী-স্ত্ৰীৰ সম্পৰ্কত কেৰোণ লাগে৷ পত্নীয়ে পৰ পুৰুষৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাৰ সন্দেহত ব্যক্তিগৰাকীয়ে শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলোৱাৰো অভিযোগ উত্থাপন কৰে পত্নীয়ে৷ 

কিছুদিন পূৰ্বে স্বামীয়ে পুনেৰ ফ্লেট এৰি বাংগালুৰুত থকা মাক-দেউতাকৰ ওচৰলৈ গুছি যায়৷ কিন্তু সন্তানৰ সতে দেখা কৰিবলৈ মাজে মাজে তেওঁ পুনেৰ পত্নীৰ ফ্লেটলৈ অহা যোৱা কৰি থাকে৷ তেনেদৰেই সন্তানক দেখা কৰাৰ চলেৰে আহি ২২ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীৰ ভিতৰত পত্নীৰ শোৱনী কোঠাত থকা পানী সংশোধন ফিল্টাৰ এটাৰ পিছফালে পত্নীয়ে নজনাকৈ ব্যক্তিজনে গোপন কেমেৰা সংস্থাপন কৰে৷ 

শেহতীয়াকৈ, কাপোৰ সলাবলৈ গৈ পত্নীয়ে কেমেৰাটো প্ৰত্যক্ষ কৰাত সেয়া স্বামীৰ কাম বুলি নিশ্চিত হয়৷ মহিলাগৰাকীয়ে এই বিষয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাত আৰক্ষীয়ে অভিযুক্ত ব্যক্তিগৰাকীক আটক কৰে৷