মুছলপুৰঃ বিটিএডিত দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ প্ৰাণ দিলে এগৰাকীয়ে সাহসী সমাজকৰ্মীয়ে। ইন্দিৰা আৱাস, এমজিএনৰেগা, পথ নিৰ্মাণ আদিত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি মাত মাতি আহিছিল লোকজনে।
দুৰ্নীতিৰ বিৰোধিতা জনাই ঘাতকৰ নিষ্ঠুৰতাৰ বলি হোৱা এই লোকজন হৈছে বাগছাৰ হাহকাটা বালাবাৰীৰ শ্ৰীমন্ত তালুকদাৰ। বিগত কেবাবছৰ ধৰি কৃষক মুক্তিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল সমাজকৰ্মীজন।
প্ৰাপ্ত তথ্য মতে, এছএছবিৰ প্ৰাক্তন জোৱান শ্ৰীমন্ত তালুকদাৰ পূৰ্বে বিজেপিৰ বুথ কমিটিৰ সভাপতি আছিল।কিন্তু শেহতীয়াকৈ তেওঁ কৃষক মুক্তিৰ লগত জড়িত হৈ তামুলপুৰ সমষ্টিত সংঘটিত বিভিন্ন চৰকাৰী আচঁনিৰ দুৰ্নীতিৰ বিৰুদ্ধে জনমত গঠন কৰিছিল।
এনেদৰে দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হোৱাতোৱে যেন কাল হ'ল শ্ৰীমন্তৰ। দুৰ্নীতিৰ বিৰোধিতা কৰাত খড়্গহস্ত হৈ কোনো দুৰ্বৃত্তই পৈশাচিকভাৱে কাণ, নাক, গুপ্তাংগ, আঙুলি কাটি হত্যা কৰি পুতি থয় কৃষক মুক্তিৰ কৰ্মী শ্ৰীমন্তক। ইমান দিনে সমগ্ৰ ঘটনা অন্ধকাৰত আছিল যদিও নিৰুদ্দেশ হৈ থকাৰ তিনিদিনৰ পিছতহে পোহৰলৈ আহে এই হত্যাকাণ্ডৰ বহু চাঞ্চল্যকৰ তথ্য।
উল্লেখ্য যে, দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰাৰ বাবে বিভিন্ন পক্ষৰ ভাবুকিৰ সন্মুখীন হৈ আহিছিল শ্ৰীমন্ত। এই সন্দৰ্ভত তামুলপুৰ থানাত এজাহাৰো দাখিল কৰিছিল লোকজনে। থানাত এজাহাৰ দাখিল কৰি ভয়-ভাবুকিক কোনো ধৰণৰ কেৰেপ নকৰি পুনৰ দুৰ্নীতিৰ বিৰুদ্ধে একে গতিৰে মাত মাতি গৈছিল শ্ৰীমন্তই।
পৰিণতিস্বৰূপে সোমবাৰে নিশা গাঁৱৰ পৰা শ্ৰীমন্তক অপহৰণ কৰি নি পৈশাচিক ভাবে হত্যা কৰি পাগলাদিয়া নৈৰ গৰাত মৃতদেহ পুতি থয়। এনেদৰে অচিন ঘাতকে স্তব্ধ কৰি দিয়ে এটা প্ৰতিবাদী কন্ঠ।