ডিজিটেল ডেস্কঃ মানুহজন ভীষণ প্ৰেমিক। সকলোকে ভালপোৱা দি ভালপায়। নিৰ্দিষ্ট এগৰাকীৰ সৈতে ভালপোৱা সীমাৱদ্ধ ৰখাতো মুঠেই পছন্দ নকৰে। অৱশ্যে তেওঁৰ এই প্ৰেম লাভ কৰিবলৈ আগ্ৰহী সকলে দিব লাগে কিছু মূল্য।
কথাতে কয়, 'যিমানে বিলাই দিবা সিমানে মহান হ’বা।’ এই লোকজনৰ ক্ষেত্ৰত পিছে কথাষাৰ ওলোটাহে হ’ল। মহান হোৱাতো বাদেই, সকলোকে ভালপোৱা দিবলৈ গৈ তেওঁ আলহী হ’বলগীয়া হ’ল ৰঙাঘৰৰ।
দিনদিয়েক পূৰ্বে বাংগালুৰু আৰক্ষীৰ জালত পৰে প্ৰতাৰক প্ৰেমিকজন।
জানিব পৰা মতে, এতিয়ালৈ লোকজনৰ প্ৰতাৰণাৰ কবলত পৰিছে ১০০ ৰো অধিক মহিলা। প্ৰায় আটাইকেইগৰাকী মহিলাৰ সৈতে আৰম্ভণিতে প্ৰেম কৰি পিছত বিবাহৰ প্ৰতিশ্ৰুতিৰে লোকজনে সৰকাই আহিছিল লক্ষ লক্ষ টকা।
এগৰাকী মহিলাৰ অভিযোগৰ ভিত্তিত যোৱা ২১ জুনত ছাদাত খান ওৰফে প্ৰীতম কুমাৰ নামৰ লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ জেৰাত লোকজনে ১০০ৰো অধিক মহিলাক প্ৰেমৰ জালত পেলোৱা বুলি স্বীকাৰ কৰিছে। আৰক্ষীৰ জেৰাত ধৃত যুৱকজনে কয় যে মেট্ৰিমনিয়েল ৱেবছাইটৰ পৰাই তেওঁ বিবাহ বিচ্ছেদ হোৱা মহিলাসকলক টাৰ্গেট কৰি লৈছিল।
প্ৰথমে নিজকে চৰকাৰী চাকৰিয়াল হিচাপে পৰিচয় দি বিয়াৰ প্ৰস্তাৱ দিয়ে ছাদাতে। পিছত মহিলাগৰাকীৰ বিশ্বাস অৰ্জন কৰি কোনো সমস্যাৰ কথা কৈ বৃহৎ পৰিমাণৰ ধন ধাৰলৈ লয় আৰু কিছুদিন পিছতে ধোৱা হৈ নতুন মহিলাৰ সন্ধানত নামে।
তদন্ত আৰম্ভ কৰি আৰক্ষীয়ে জানিব পাৰে যে লোকজনৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও বিভিন্ন আৰক্ষী থানাত একাধিক গোচৰ ৰুজু হৈছে। গোচৰ ৰুজু হোৱা স্থান সমূহৰ ভিতৰত অন্যতম হৈছে কে আৰ পুৰম, জয়ানগৰ, বিদ্যাৰান্যায়পম। ছাদাতক কেবা বছৰ পূৰ্বে কোনো কথাত অসন্তুষ্ট হৈ পৰিয়ালৰ লোকে ঘৰৰ পৰা বাহিৰ কৰি দিছিল বুলি জানিব পাৰিছে আৰক্ষীয়ে।
ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰ পিছত বাংগালুৰুলৈ আহি যশৱন্তপুৰম নামে এখন ঠাইত ঢালাইৰ দোকানত কাম আৰম্ভ কৰে লোকজনে। পিছত বিভিন্ন টেলিকম প্ৰতিষ্ঠানৰ গ্ৰাহক সেৱা কেন্দ্ৰত কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভ হিচাপে কাম কৰে। কিন্তু আটাইবোৰ প্ৰতিষ্ঠানৰ পৰা মহিলাক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগত লোকজনক চাকৰিৰ পৰা খেদি দিয়া হয়।
শতাধিক যুৱতী, মহিলাক কৌশলেৰে প্ৰেমৰ জালত পেলাই বিগত কেবা বছৰ ধৰি লক্ষ লক্ষ টকা সহজে উপাৰ্জন কৰি বিলাসী জীৱন কটাই অহা এই ধুৰন্ধৰ প্ৰেম কুমাৰ জনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৪১, ৩৫৪, ৩৯২, ৩৮৪, ৪২০ আৰু ৫০৬ ধাৰাত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।
Source: India Times, Kannada Prabha