কোকৰাঝাৰঃ সাৱধান হওঁক, আপোনাৰ পিছ ল'ব পাৰে চাহাজউদ্দিনে। আপুনি য'লৈকে নাযাওক কিয়, তালৈকে পিছ ল'ব আপোনাক। আপুনি দৌৰিলে  সিও দৌৰিব, আপুনি গাড়ীত উঠিলে সিও উঠিব, আনকি আপুনি গছত উঠিলে সিও গছত উঠিব। মুঠতে নিস্তাৰ পোৱাৰ কোনো উপায় নাই। 

আজি প্ৰথমে চাহাজউদ্দিনে কোকৰাঝাৰৰ বালাজান তিনালীত এগৰাকী অটোচালকৰ পিছ লয়। চাহাজউদ্দিনে কোকৰাঝাৰ বালাজান তিনালী পথত স্বাভাৱিকভাৱে পথৰ কাষত থিয় হৈ থকাত অটোচালকজনে যাত্ৰী বুলি অটোখন ৰখায়।

অটোখন ৰখোৱাত অচিনাক্ত লোকজনে আৰামেৰে ছীটত বহে। কিন্তু অটোৰ গন্তব্যস্থান পোৱাৰ পিছতহে আৰম্ভ হয় লেঠা। গাড়ী ভাড়াতো দূৰৈৰ কথা অটোচালকজনৰ পিছ নেৰা হয় অচিনাক্ত লোকজনে। মুখেৰে কোনো ধৰণৰ শব্দ নকৰা অচিনাকী লোকজনে অটোচালকৰ পিছ নেৰাত অটোচালকজন বিপদত পৰে।

প্ৰথম অৱস্থাত অটোচালকজনে আমোদ পাইছিল যদিও পিছলৈ সেই আমোদ ভয়-শংকালৈ ৰূপান্তৰিত হয়। কাৰণ অচিনাক্ত লোকজনে এক মূহূৰ্তও অটোচালকজনৰ পিছ নেৰা হ'ল। অৱশেষত অটোচালকজনে বালাজান তিনালী অটো ষ্টেণ্ডত আহি সহায় বিচাৰে।

মুহূৰ্ততে ভালেসংখ্যক লোক গোট খোৱাত সাধাৰণ জনতাই অচিনাক্ত লোকজনক ঘেৰি ধৰি অটোচালকজনক যাবলৈ কোৱাত অটোচালকজনে মুক্তি পোৱাৰ আশাতে দৌৰ মাৰি পলায়ন কৰাত অচিনাক্ত লোকজনেও  অটোচালকজনৰ পিছে পিছে দৌৰ মাৰে।  

মানুহৰ আঁৰ লৈ  প্ৰাণটাকি দৌৰি তথা অটোত জাপমাৰি উঠিও যেতিয়া অচিনাক্ত লোকজনৰ পৰা ৰক্ষা নপৰা অৱস্থা হ'ল  তেতিয়া অটোচালকজন একেবাৰে নাৰ্ভাছ হৈ পৰিল। তেনে এক সময়ৰ মাজতে বহু মানুহৰ সমাগমৰ সুযোগ লৈ অটোচালকজন পলায়ন কৰিবলৈ সমৰ্থ হয় যদিও এইবাৰ অচিনাক্ত লোকজনে আন এজন স্থানীয় যুৱকৰ পিছ লয়।  

যুৱকজন যিফালে যায় অচিনাক্ত লোকজনেও সিফালে যোৱাত যুৱকজন বিমোৰত পৰে। এনে এক পৰিস্থিতিৰ মাজতে এজন যুৱকে মোদীৰ ছবি থকা ছাৰ্ট পৰিহিত অচিনাক্ত লোকজনক দুগালত চৰ মাৰি ভাবুকি দি পৰিচয় জানিব বিচৰাত প্ৰথমবাৰৰ বাবে মুখেৰে মাত ওলায় আৰু নিজকে চাহাজউদ্দিন হুছেইন বুলি পৰিচয় দিয়ে যদিও ঠিকনা দিব নোৱাৰিলে। 

কাৰোবাৰ নহয় কাৰোবাৰ পিছ লোৱা উক্ত অচিনাকি লোকজন প্ৰকৃততে এগৰাকী মানসিকভাৱে অসুস্থ লোক বুলি ধাৰণা কৰিছে প্ৰত্যক্ষদৰ্শীসকলে।