ফটো সৌজন্যঃ ফেচবুক
ফটো সৌজন্যঃ ফেচবুক

গুৱাহাটীঃ অচিৰেই নিলম্বিত হ'ব পাৰে কেবাগৰাকী আৰক্ষী বিষয়া। দুৰ্নীতি কেলেংকাৰিত জড়িত হোৱা বাবে নহয়, সত্যনিষ্ঠ আৰু আপোচহীন স্বভাবৰ বাবেই এইসকল আৰক্ষী বিষয়াই হেৰুৱাবলগীয়া হ'ব পাৰে চাকৰি।

ইতিমধ্যে এনে কাৰণতে চাকৰিৰ পৰা নিলম্বন হৈছে সৎ আৰু সুদক্ষ হিচাপে নাম থকা এগৰাকী আৰক্ষী বিষয়া। নৱ কুমাৰ বৰা নামৰ আৰক্ষী বিষয়াগৰাকীক হঠাৎ চাকৰিৰ পৰা নিলম্বন কৰাক লৈ ছ'চিয়েল মিডিয়াতো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। 

বৰাকৰ লক্ষীপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কৰ্মৰত বৰাৰ দোষ এটাই। সেয়া হৈছে অপৰাধীক উৎসাহ যোগোৱাসকলৰ সৈতে কোনোধৰণৰ আপোচ কৰিবলৈ অস্বীকাৰ কৰা। জানিব পৰা মতে, থানাখনত কৰ্মৰত হৈ থকা সময়তে এটা ধৰ্ষণকাৰীক ১২ ঘন্টাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰি জেল-হাজোতলৈ প্ৰেৰণ কৰিছিল ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে।

ধৰ্ষণকাৰীৰ বিৰুদ্ধে এনে ব্যৱস্থা গ্ৰহণ কৰাত ভুক্তভোগী পৰিয়ালটোৱে সন্তুষ্টি প্ৰকাশ কৰে। কিন্তু এই সন্তুষ্টি দীঘলীয়া হ'বলৈ নাপালে। কিয়নো জেললৈ প্ৰেৰণৰ কিছু সময় পিছতে 'ওপৰৱালা'ৰ পৰা ফোনযোগে অহা এটা নিৰ্দেশতে ধৰ্ষণকাৰীজনক এৰি দিবলৈ বাধ্য হৈ পৰে অনিয়ম ভাল নোপোৱা আৰক্ষীবিষয়াজনে। 'ওপৰৱালা'ৰ এনে নিৰ্দেশৰ পিছতে ছ'চিয়েল মিডিয়াত সৰৱ হৈ পৰে আৰক্ষী বিষয়া বৰা। 

অপৰাধীক উৎসাহ যোগোৱাসকলৰ সৈতে এনেদৰে আপোচ কৰিবলগীয়া হোৱাত হতাশ হৈ বৰাই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ পদত নথকাৰ সিদ্ধান্তৰ বিষয়ে ফেচবুকযোগে ৰাজহুৱা কৰে। নিজৰ ফেচবুক টাইমলাইনত এই সম্পৰ্কে এটি পোষ্ট আপলোড কৰি বৰাই কয় - "আজি মই মুকলিকৈ সিদ্ধান্ত লৈছো মই আৰু অ'চি নকৰো"।

নিজকে মূল্যহীন আখ্যা দি তেওঁ পোষ্টটোত আৰু কয় - "১৯৯৫ চনৰ পৰা মই অ'চি। মোৰ এটা স্বভাৱ, মই কোনো ৰাজনীতিবিদৰ বহতীয়া হোৱা নাই। আৰু জীৱনৰ বাকী দিনকেইটাত নতুনকৈ শিকিবলৈ শিক্ষা নলওঁ।"

উল্লেখ্য যে কংগ্ৰেছ চৰকাৰৰ দিনতো 'ওপৰৱালা'ক সন্তুষ্ট কৰিব নোৱাৰাৰ বাবে শাস্তিমূলক বদলিৰ সম্মুখীন হৈছিল আৰক্ষী বিষয়াজন। সেইসময়ৰ তদানীন্তন এগৰাকী মন্ত্ৰী সাঙোৰ খাই থকা ঘটনাৰ তদন্ত সঠিক দিশত আগবঢ়াই দিয়াৰ অপৰাধ(!)ত ডিব্ৰুগড়ৰ পৰা একেবাৰে বৰাক উপত্যকালৈ বদলি কৰা হৈছিল আৰক্ষী বিষয়াজনক।

এনেবোৰ কাৰণতে ক্ষুদ্ধ হৈ বৰাই ফেচবুক পোষ্টত আৰু উল্লেখ কৰিছে যে - তেওঁ চাকৰিৰ ক্ষেত্ৰত সদায় সাংবিধানিক নীতি আদৰ্শৰ দ্বাৰা পৰিচালিত হৈ আহিছে। "মোৰ চাকৰিটো সাংবিধানিক নীতি আদৰ্শৰ দ্বাৰা পৰিচালিত নহয়। সেয়ে মই ৰাজনীতিৰ পৰা দুৰত্ব বজাই ৰাখো।  যিটো মোৰ আনুগত্য।" - কোনো কাৰণতে ৰাজনৈতিক নেতা পালিনেতাৰ বহতীয়া হ'ব নোৱাৰে বুলি স্পষ্ট কৰি দি পোষ্টটোত এইদৰে উল্লেখ কৰিছে বাৰে বাৰে বদলি হৈ অহা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে।

পোষ্টটোত তেওঁ মুকলিকৈ বদলি অথবা অপসাৰণ কৰিবলৈকো উৰ্ধতম কৰ্তৃপক্ষক আহ্বান জনাইছে। "মই ভীৰু, কাপুৰুষ নহয়। মই চকু মুদি কব পাৰো যে এতিয়ালৈকে যিবোৰ সন্মান বিভাগীয়ভাৱে লাভ কৰিছো সেয়া আনে সহজে দিব নোৱাৰিব।" - কেতিয়াওঁ মূৰ দোৱাই চাকৰি কৰিবলৈ শিকা নাই বুলি এইদৰে কয় বৰাই। 

উল্লেখ্য যে বৰাৰ দৰে কেবাজনো আৰক্ষী বিষয়াই 'ওপৰৱালা'ৰ সৈতে আপোচ কৰিব নোৱাৰি সময়ে সময়ে ফেচবুকত আওঁপকীয়াকৈ পোষ্ট দি ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাই আহিছে। কিছুদিন পূৰ্বে উজনি অসমৰ এখন থানাত কৰ্মৰত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এগৰাকীয়েও এটা ফেচবুক পোষ্টত আৰক্ষীৰ চাকৰিৰ অন্ধকাৰ দিশটোৰ বিষয়ে ৰাজহুৱা কৰিছিল।

একেদৰে বিটিএডিত কৰ্মৰত এগৰাকী আৰক্ষী বিষয়ায়ো বিভাগটোৰ ভিতৰচ'ৰাত চলি থকা কৰ্মকাণ্ডৰ বিৰুদ্ধে সময়ে সময়ে ফেচবুকৰ জৰিয়তে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাই আহিছে। শেহতীয়াকৈ সত্যনিষ্ঠতাৰ পুৰস্কাৰ হিচাপে নৱ কুমাৰ বৰাই নিলম্বিত হ'বলগীয়া হোৱাৰ দৰে আনসকল বিষয়ায়ো 'ওপৰৱালা'ৰ তৰফৰ পৰা একে পুৰস্কাৰ(!) লাভ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

অৱশ্যে নৱ কুমাৰ বৰাৰ ঘটনাটোৰ পৰা শিক্ষা(!) লৈ সত্যনিষ্ঠ আনসকল আৰক্ষী বিষয়াই অনিয়মৰ সৈতে আপোচ কৰিবলৈ শিকে নে নিশিকে তাৰ ওপৰতে নিৰ্ভৰ কৰিব তেওঁলোকৰ চাকৰিৰ ভৱিষ্যত।