জিতুমনি নাথ, মৰিগাঁওঃ কংগ্ৰেছৰ দখলত থকা মৰিগাঁও জিলা পৰিষদৰ সভানেত্ৰী বিৰুদ্ধে ১০ জনকৈ সদস্যই অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰা ঘটনাই ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে মৰিগাঁও ৰাজনীতিত। 

কংগ্ৰেছৰ ৫ জনকৈ সদস্যই কংগ্ৰেছ ত্যাগ কৰি শাসকীয় বিজেপিৰ প্ৰতি সমৰ্থন আগবঢ়োৱা ঘটনাই কংগ্ৰেছৰ ভিতৰচ'ৰাত সৃষ্টি কৰিছে ব্যাপক জোকাৰণি। উল্লেখ্য যে, জিলা পৰিষদৰ কোনো ধৰণৰ উন্নয়ন মূলক কাম-কাজ নৌহওঁতেই জিলা পৰিষদৰ সভানেত্ৰীয়ে অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হ’ব লগা হোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে।

বিগত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত মৰিগাঁও জিলাৰ ১৩ টা জিলা পৰিষদ সমষ্টিৰে বিৰোধী কংগ্ৰেছ দলে ৮ টা সমষ্টিত জয়ী হোৱাৰ বিপৰীতে শাসকীয় বিজেপি দল জয়ী হৈছিল ৫ টা সমষ্টিত। সাধাৰণ শ্ৰেণী মহিলাৰ বাবে সংৰক্ষিত জিলা পৰিষদৰ সভানেত্ৰী পদত সেই অনুসৰি কংগ্ৰেছৰ কুশতলি জিলা পৰিষদৰ সদস্যা মজবুন নেহাৰক সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰে কংগ্ৰেছ দলে। 

সেই সময়ত শাসক দল বিজেপিয়ে মৰিগাঁও জিলা পৰিষদ দখল কৰিবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছিল যদিও সফল হ’ব নোৱাৰিলে। অৱশেষত কংগ্ৰেছৰ ৫ জনকৈ সদস্যৰ সমৰ্থন আদায় কৰিবলৈ সক্ষম হোৱা বুধবাৰে বিজেপিৰ ৫ জন আৰু কংগ্ৰেছৰ ৫ জন সদস্যসহ মুঠ ১০ জন সদস্যই অনাস্থা প্ৰস্তাৱত স্বাক্ষৰ কৰি আজি মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কিশোৰ ঠাকুৰীয়া হাতত অৰ্পণ কৰে। 

অসম পঞ্চায়ত আইন ১৯৯৪ ৰ ৭৩ ধাৰাৰ অধীনত অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰে সদস্যসকলে। কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দললৈ সমৰ্থন আগবঢ়োৱা সদস্য কেইজন হৈছে মনিষা বৰদলৈ (চাবুকধৰা),আবিদা বেগম (মৈৰাবাৰী), অসমী পাতৰ (চৰাইবাহী), ইছমেৰা বেগম (লাহৰীঘাট)আৰু চামিম হাছান (দলৈগাঁও)। তদুপৰি কংগ্ৰেছৰ স্থিতিতে বাহাল আছে ভূৰবন্ধা জিলা পৰিষদৰ সদস্য পবিত্ৰ বৰা আৰু ভূৰাগাঁও জিলা পৰিষদৰ সদস্য আব্দুল্লা বাহাৰ। 

মৰিগাঁও জিলা পৰিষদৰ উপ-সভানেত্ৰী ৰিজুমনি মালাকাৰ শইকীয়াৰ নেতৃত্ব দাখিল কৰা আজি অনাস্থা প্ৰস্তাৱৰ পিছতেই কোন হ’ব মৰিগাঁও জিলা পৰিষদৰ নতুন সভানেত্ৰী তাকে লৈ শাসকীয় বিজেপিৰ মাজত আৰম্ভ হৈছে জল্পনা কল্পনা। এই ক্ষেত্ৰত মন্ত্ৰী পিয়ুষ হাজৰিকাই কোন গৰাকী সদস্যাৰ প্ৰতি কৃপা দৃষ্টি নিক্ষেপ কৰিব তাৰ ওপৰতেই সকলো নিৰ্ভয় কৰিব বুলি চৰ্চা লাভ কৰিছে৷