গুৱাহাটীঃ গুড ফৰ গল্ড।কমনৱেলথ গেমছৰ মহিলাৰ বক্সিঙত ফাইনেলত প্ৰৱেশ কৰিলে দেশৰ মহিলা বক্সাৰ মেৰিকমে৷ চেমিফাইনেলত মেৰিকমে ৫–০ত ধৰাশয়ী কৰিলে শ্ৰীলংকাৰ অনুষা দিলৰক্ষীক৷ শ্ৰীলংকাৰ অনুষা দিলৰক্ষীক  ধৰাশয়ী কৰি ফইনেলত প্ৰৱেশ কৰে উত্তৰ পূৰ্বাঞ্চলৰ বক্সাৰ মেৰী কমে৷ সোণৰ পদক লাভ কৰাৰ প্ৰতিশ্ৰুতিৰে কমনৱেলথ গেমছৰ বক্সিং ৰিঙত নামিছিল তেওঁ৷ 

ৰাজ্যসভাৰ সাংসদগৰাকীয়ে কমনৱেলথ গেমছত মঙলবাৰে শ্ৰেষ্ঠ খেল প্ৰদৰ্শন কৰা বুলি ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে৷ বিশ্ব চেম্পিয়ন এমচি মেৰিকমে কমনৱেলথ গেমছত পদক নিশ্চিত কৰিলে একপ্ৰকাৰ৷ 

দেওবাৰে মহিলা বক্সিঙৰ ৪৮ কেজি শাখাত চেমি ফাইনেলত প্ৰৱেশ কৰিছিল মেৰিকমে৷ অলিম্পিকত ব্ৰঞ্জৰ মেডেল বিজয়ী ৩৫ বছৰীয়া বক্সাৰ মেৰিকমে প্ৰতিদ্বন্দ্বি স্কটলেণ্ডৰ মেগান গৰ্ডনক ৫-০ ধৰাশয়ী কৰি চেমি ফাইনেলত প্ৰৱেশ কৰিছিল৷ 

বাবে কমনৱেলথ গেমছত ভৰি দিছে মেৰিকমে৷ অহা ১১ এপ্ৰলিত চেমি ফাইনেলত শ্ৰীলংকাৰ অনুষা দিলৰক্ষীৰ সৈতে মুখামুখি হ’ব৷ 

মহিলাৰ ৪৮ কেজি শাখাত সোণৰ পদক লাভ কৰিব বুলি দাবী কৰে মেৰিকমে৷ ইতিমত্যে কিছুদিনৰ ভিতৰতে এচিয়ান চেম্পিয়নশ্বিপ আৰু ইণ্ডিয়ান অপেনত দুটাকৈ সোণৰ পদক লাভ কৰিছে মেৰিকমে৷