গুৱাহাটীঃ অসম গণিত শিক্ষায়তন,বৰপেটা শাখাৰ উদ্যোগত আৰু বৰনগৰ মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহযোগত সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত আন্ত:ৰাষ্ট্ৰীয় গণিত দিৱস অনুষ্ঠিত কৰা হয়৷ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সমবেত সংগীতেৰে আৰম্ভ কৰা অনুষ্ঠানটোৰ সভাপতিত্ব কৰে অসম গণিত শিক্ষায়তন, বৰপেটা শাখাৰ সভাপতি তথা বৰনগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বীৰেন কুমাৰ চক্ৰৱৰ্তীয়ে৷
অনুষ্ঠানটোৰ লগত সংগতি ৰাখি বৰনগৰ মহাবিদ্যালয়ৰ গণিত বিভাগৰ ছাত্ৰ-ছাত্ৰী সকলে প্ৰকাশ কৰি উলিওৱা "MATHOPEDIA" নামৰ এখন প্ৰাচীৰ প্ৰত্ৰিকাও উন্মোচন কৰা হয়৷ সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম গণিত শিক্ষায়তন, বৰপেটা শাখাৰ সম্পাদক তথা বৰনগৰ মহাবিদ্যালয়ৰ গণিত বিভাগৰ মুৰব্বী অধ্যাপক দুলাল চন্দ্ৰ দাসে৷ মহাবিদ্যালয়ৰ সমীপৱৰ্তী বহুকেইখন শিক্ষানুষ্ঠানৰ শিক্ষক তথা ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি সাফল্যমণ্ডিত কৰি তোলা এই অনুষ্ঠানটোত উপস্থিত ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি বৰনগৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° প্ৰকাশ কুমাৰ শৰ্মা আৰু কমাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গণিত বিষয়ৰ শিক্ষক তথা অসম গণিত শিক্ষায়তন,বৰপেটা শাখাৰ উপ-সভাপতি ৰাজেন চন্দ্ৰ ৰয়ে গণিতৰ উপযোগিতা সন্দৰ্ভত ভাষণ আগবঢ়ায়৷
গণিত বিষয়ৰ ৰচনা প্ৰতিযোগিতা সম্পন্ন
এই সভাতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা গণিত বিষয়ৰ ৰচনা প্ৰতিযোগিতাৰ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হয় ৷ ’ক’ শাখাত জুস্মিতা দাসে (ৰয়েল নেচনেল পাব্লিক স্কুল, বৰপেটাৰোড) প্ৰথম, ৰিম্পী দাসে (শংকৰদেৱ শিশু নিকেতন, সৰভোগ) দ্বিতীয়, আৰু মাৰ্টিনা দাসে (আদৰ্শ বিদ্যালয়, পাকাবেতবাৰী) তৃতীয় স্থান লাভ কৰে৷ ’খ’ শাখাত হিমাশ্ৰী দাসে (শংকৰদেৱ শিশু নিকেতন,সৰভোগ) প্ৰথম,পৰিস্মিতা দাসে (বাডচ একাডেমী, সৰভোগ) দ্বিতীয় আৰু মানচাৰুল ইছলাম (কাঁটাঝাৰ বাজাৰ হাইস্কুল,কাঁটাঝাৰ) তৃতীয় স্থান লাভ কৰে৷
বিজয়ী প্ৰতিযোগীসকলক নগদ ধন, প্ৰমাণ-পত্ৰ আৰু কিতাপৰ টোপোলাৰে পুৰস্কৃত কৰা হয়৷ উক্ত সভাত বৰনগৰ মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক ড° জাকিৰ আহমেদে "দৈনন্দিন জীৱনত গণিত আৰু আন্ত:ৰাষ্ট্ৰীয় গণিত দিৱসৰ তাৎপৰ্য " শীৰ্ষক বক্তৃতা আগবঢ়ায় ৷ বৰনগৰ মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপিকা ড° সৰোজিনী গগৈয়ে আঁতধৰা অনুষ্ঠানটোৰ সামৰণিত শলাগৰ শৰাই আগবঢ়াই একে বিভাগৰে সহকাৰী অধ্যাপক ভাগ্যজ্যোতি নাথে৷ সভাত উপস্থিত থকা বিভিন্ন বিদ্যালয়ৰ শিক্ষক তথা ছাত্ৰ-ছাত্ৰীসকলে অসম গণিত শিক্ষায়তন,বৰপেটা শাখাৰ পদক্ষেপক প্ৰশংসা কৰে আৰু এনে অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক গণিত বিষয়টোৰ প্ৰতি আৰু অধিক আগ্ৰহী কৰি তুলিব বুলি মন্তব্য আগবঢ়ায়।