জাগীৰোডঃ ৰাজ্য জুৰি হোলীৰ আনন্দ উলাহ। এনে আনন্দ উলাহৰ সময়তে বৃহস্পতিবাৰে মায়ঙৰ চনকাত ব্ৰহ্মপুত্ৰত পৰি সলিল সমাধি ঘটে এজন যুৱকৰ। মৃত্যু হোৱা যুৱকজনৰ নাম জাগীৰোড শিলভঙাৰ শিৱম গাড়া। 

কালি দুপৰীয়া জাগীৰোডৰ পাঁচ জন বন্ধুৰ সৈতে হোলীত আনন্দ কৰি বিভিন্ন ঠাই ঘূৰি-পকি চনকালৈ ফুৰিব গৈছিল। আন আন ঠাইৰ লগতে মায়ঙৰ সমীপৰ গৰঙ্গা মন্দিৰ পৰিদৰ্শন কৰি পাঁচ বন্ধুৱে আবেলি সময়ত দূৰ্গ চনকালৈ গৈছিল ব্ৰহ্মপুত্ৰ চাবলৈ। 

দিনটোৰ ঘূৰা-ফুৰাৰ পাছত চনকাত ৰৈ হাত মুখ ধুবলৈ ব্ৰহ্মপুত্ৰৰ পাৰলৈ নামি গৈছিল শিৱম গাড়া। তলমূৰ কৰি হাত ভৰি ধুবলৈ লওতে হঠাৎ পিছলিগৈ ব্ৰহ্মপুত্ৰত পৰে শিৱম গাড়া। লগে লগে আন দুই বন্ধুৱে শিৱমক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে যদিও ব্যৰ্থ হয় দুই বন্ধু। সমান্তৰালভাৱে এই দুই বন্ধুৱেও সাতুৰিব নজনাৰ বাবে আন দুই বন্ধুৱে ভাগ্য ক্ৰমে উদ্ধাৰ কৰে দুই বন্ধুক। পিছে শিৱমক উদ্ধাৰ কৰাত ব্যৰ্থ হয় চাৰি বন্ধু। পিছত স্থানীয় লোকৰ সহায়ত শিৱমৰ মৃতদেহ উদ্ধাৰ কৰে।