শ্বিলংঃ ক্ৰমান্বয়ে আকৰ্ষণীয় হ’ব ধৰিছে মেঘালয় নিৰ্বাচনী যুঁজ৷ কেন্দ্ৰৰ শাসকীয় দল বিজেপিয়ে উত্তৰ পূৰ্বাঞ্চলত পৰিৱৰ্তন কৰাৰ লক্ষ্যৰে নিৰ্বাচনত নামি পৰিছে যদিও মেঘালয়ত সেই ঢৌ বোৱাবলৈ সক্ষম হোৱা নাই বুলি চৰ্চা আৰম্ভ হৈছে৷

তাৰ মাজতে মেঘালয়ৰ প্ৰাণ কেন্দ্ৰ শ্বিলং চহৰৰ এটা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী থিয় নকৰোৱাত দলটোৰ নেতা-কৰ্মীয়ে নাৰাজ হৈ একেলগে বিজেপি ত্যাগ কৰে৷

মেঘালয়ৰ ৰাজধানীৰ সৈতে সংপৃক্ত হৈ থকা পশ্চিম শ্বিলং বিধান সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী নিদিয়াত নেতা-কৰ্মীয়ে সমূহীয়া পদত্যাগ কৰে। ৬০টা সমষ্টিৰ মেঘালয় বিধানসভাক ৫টা সমষ্টিৰ বাহিৰে ৫৫টা অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত।

বিজেপিয়ে ৪৭টা সমষ্টিত প্ৰাৰ্থী থিয় কৰাইছে যদিও ইয়াৰ ভিতৰত যোৱা মাহত আন দলৰ পৰা আহি যোগদান কৰা ৪জন বিধায়কক টিকট দিয়ে৷ ২০১৩ চনৰ মেঘালয়ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ দুগৰাকী বিধায়ক নিৰ্বাচিত হৈছিল৷ মেঘালয়ত ১৯৯৮ চনত প্ৰথমবাৰৰ বাবে ৩গৰাকী বিধায়ক নিৰ্বাচিত হৈছিল বিজেপি দলৰ৷

এনডিএৰ সহযোগী দল এনপিপিয়ে এইবাৰ বিধান সভা নিৰ্বাচনত প্ৰাৰ্থী থিয় কৰাইছে৷ এনপিপিয়ে কংগ্ৰেছ এৰি এনপিপিত যোগ দিয়া বিধায়ককো টিকট দিয়ে৷ এনপিপি আছিল ভূতপূৰ্ব নেতা পিএ চাংমাৰ দল৷