মোৰাঝাৰঃ কৰ’নাক বাধা দিবলৈ সমগ্ৰ দেশতে অব্যাহত আছে ২১দিনীয়া লকডাউন৷ এই লকডাউনৰ সময়ত হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত ভেলৌগুৰি গাঁৱত একাংশ গো-পালকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ।
ডবকা ৰাজ চক্ৰৰ অন্তৰ্গত ভেলৌগুৰি গাওঁখনৰ প্ৰায় অধিকাংশ লোকেই গো পালনৰ লগত জড়িত। গাওঁখনত প্ৰায় ৩০খন ফাৰ্মত ডেৰ শতাধিক পশুধন আছে। গাওঁখনত থকা যমুনাভেলি দুগ্ধ উৎপাদক সমবায় সমিতিয়ে সমগ্ৰ হোজাই জিলাতেই যোগান ধৰি আহিছে গাখীৰ। স্থানীয় প্ৰশাসনৰ পৰিকল্পনাৰ অভাৱৰ বাবে লকডাউনৰ পৰিপ্ৰেক্ষিতত গাঁওখনৰ গো-পালকসকলে এতিয়া নলাত পেলাই দিবলৈ বাধ্য হৈ পৰিছে হাজাৰ হাজাৰ লিটাৰ গাখীৰ।
অঞ্চলটোত উৎপাদন হোৱা গাখীৰ বিক্ৰী কৰিবলৈ প্ৰশাসনে কোনো ব্যৱস্থা নকৰাৰ পৰিপ্ৰেক্ষিতত এইকেইদিন প্ৰতিদিনেই হাজাৰ হাজাৰ লিটাৰ গাখীৰ নলাত পেলাই দি আহিছে গো-পালকসকলে। 'গাখীৰবোৰ আমি বিক্ৰী কৰিব পৰা নাই। ইমান গাখীৰ জমা কৰি দৈ কৰাতো সম্ভৱ নহয়। সেয়ে ড্ৰেইনতে পেলাই দিছো গাখীৰ। আমি গাখীৰ বিক্ৰী কৰিয়েই চলি আহিছো। এতিয়া আমাৰ হাততো ধন নাই। বৰ দিগদাৰ হৈছে।’-এইদৰে কয় এজন গো-পালকে।
হাজাৰ হাজাৰ লিটাৰ গাখীৰ চকুৰ সমুখতে পেলাই দি নষ্ট কৰিবলগীয়া হোৱাৰ লগতে পশু খাদ্যক লৈয়ো আন এক সমস্যাৰ সন্মুখীন হৈছে গাওঁখনৰ গো-পালকসকল। লকডাউনৰ ফলত পশু খাদ্য বিক্ৰী কৰা দোকানসমূহ বন্ধ হৈ পৰাত পশুধনসমূহক বাকী থকা দিনকেইটা কেনেদৰে ৰাখিব সেই লৈয়ো চিন্তাত পৰিছে তেওঁলোক। দুই-এখন দোকান খুলিছে যদিও পূৰ্বতকৈ অধিক মূল্যত পশুখাদ্য বিক্ৰি কৰাৰো অভিযোগ উত্থাপন কৰিছে গো-পালকসকলে।
NNOৰ আগত জনোৱা মতে মজুত থকা পশুখাদ্যৰে আৰু মাত্ৰ এটা দিনহে তেওঁলোকে চলাব পাৰিব। তাৰ পাছত তেওঁলোকে উপায়হীন হৈ পৰিব বুলিও জনাইছে। এনে পৰিপ্ৰেক্ষিতত তেওঁলোকৰ উৎপাদিত গাখীৰৰ বিক্ৰী আৰু সূলভ মূল্যৰ পশু খাদ্যৰ যোগানৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনাইছে এইসকল গো-পালকে।