প্ৰতীকি ফটো
প্ৰতীকি ফটো

newsnextone.com | ডিজিটেল ডেস্কঃ সমগ্ৰ দেশ ধৰ্ষণৰ বাতৰিৰে ভৰি আছে৷ প্ৰতিদিনে এটাৰ পিছত এটাকৈ সংঘটিত হোৱা ধৰ্ষণ আৰু নিৰ্যাতন কাণ্ডই নাৰীৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিছে৷ পুৰুষৰ কামনাৰ বলি হৈ বৃদ্ধাৰ পৰা তিনিমহীয়া কন্যা শিশুটোলৈ সকলো এতিয়া সুৰক্ষাহীন অনুভৱ কৰিবলৈ বাধ্য হৈছে৷ যাৰ ফলত বহু পৰিমাণে হ্ৰাস হৈছে নাৰীৰ আত্মবিশ্বাসো৷

কিন্তু এইবাৰ নিৰ্যাতনৰ বলি নাৰী নহয়৷ বিপৰীতে এগৰাকী নাৰীৰ কামনাৰ জালত বন্দী হ’ল এটি কিশোৰ৷ বিগত কেইবামাহো ধৰি এগৰাকী ৪৫ বৰ্ষীয় মহিলাই এটি ১৫ বছৰীয়া কিশোৰক প্ৰলোভন দি ধৰ্ষণ কৰাৰ ঘটনা পোহৰলৈ আহিছে৷

অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাৰাৰ নুন্নাত সংঘটিত হৈছে এই ঘটনা৷ জানিব পৰা মতে এটি ১৫ বছৰীয়া কিশোৰক প্ৰতিৱেশী এগৰাকী  ৪৫ বছৰীয়া মহিলাই বিভিন্ন প্ৰলোভন দি বিগত কেইবা মাহ ধৰি ধৰ্ষণ কৰি আহিছে৷ 

শেহতীয়াকৈ মহিলাগৰাকীৰ এনে দুস্কাৰ্যৰ বিষয়ে কিশোৰজনৰ পৰিয়ালে জানিব পৰাত আৰক্ষী থানাত মহিলাগৰাকী বিৰুদ্ধে অভিযোগ দাখিল কৰে৷ পিছত আৰক্ষীয়ে অভিযুক্ত মহিলাগৰাকীক আটক কৰে৷

কিশোৰজনৰ মাতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে মহিলাগৰাকীৰ বিৰুদ্ধে পস্কো আইনৰ অধীনত ধৰ্ষণৰ গোটৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে৷ আনহাতে মহিলাগৰাকী আৰু কিশোৰজনক স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে৷