newsnextone.com | ডিজিটেল ডেস্কঃ মাহটো গেবাৰী খাটি মাহৰ শেষত মাথো নিজৰ প্ৰাপ্য দৰমহা খিনি বিচাৰিছিল নাবালিকা গৰাকীয়ে৷ কিন্তু প্ৰাপ্য ধন আদায় দিয়াৰ বিপৰীতে চোকা অস্ত্ৰেৰে কাটি দুচেও কৰিলে নাবালিকাগৰাকীক৷

এই ঘটনা সংঘটিত হৈছে দিল্লীত৷ এগৰাকী ১৬ বছৰীয়া চাকৰণীক দৰমহা খোজা কাৰণে চোকা অস্ত্ৰেৰে হত্যা কৰা ঘটনাই সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ 

আৰক্ষীয়ে জনোৱা মতে, মনজিৎ কৰকেট্টা নামৰ লোকজনে চাকৰি দিয়াৰ প্ৰলোভনেৰে চোনা কুমাৰী নামৰ এগৰাকী নাবালিকাক ঝাৰখণ্ডৰ পৰা দিল্লীলৈ লৈ আহিছিল৷

পিছত ব্যক্তিজনে পশ্চিম বিহাৰ অঞ্চলৰ এটি পৰিয়ালত নাবালিকাগৰাকীক চাকৰণী হিচাপে ৰাখে৷ কিন্তু কাম কৰাৰ বাবদ নাবালিকাগৰাকীয়ে লাভ কৰা ধন মনজিৎ নামৰ লোকজনে নিজেই ৰাখি থয়৷

আৰক্ষীয়ে জনোৱা অনুসৰি, প্ৰায় এবছৰ কাল নাবালিকাগৰাকীয়ে চাকৰণী হিচাপে কাম কৰে৷ কিন্তু কাম কৰাৰ বিনিময়তো প্ৰাপ্য লাভ নকৰাত চোনা কুমাৰীয়ে ঝাৰখণ্ডলৈ উভটি যোৱাৰ সিদ্ধান্ত লয়৷ দেওবাৰে নাবালিকাগৰাকীয়ে মনজিৎক নিজৰ এবছৰৰ দৰমহাখিনি বিচৰাত দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয়৷

ইয়াৰ পাছতে মনজিৎ নামৰ লোকজনে চোকা অস্ত্ৰৰে নাবালিকাগৰাকীক প্ৰহাৰ কৰাত নাবালিকাগৰাকীৰ মৃত্যু ঘটে৷ আনহাতে এই ঘটনাৰ বিষয়ে যাতে কোনেও গম নাপায়, তাৰ বাবে লোকজনে নাবালিকাগৰাকীৰ শৰীৰৰ সৰু সৰু টুকুৰা কৰি এটা বস্তাত ভৰাই মিয়ান্বলী অঞ্চলৰ এটা নলাত পেলাই থৈ আহে৷ 

স্থানীয় লোকে নলাত বস্তাটো প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷ আৰক্ষীয়ে অঞ্চলটোত থকা চিচি টিভি সমূহ পৰ্যবেক্ষণ কৰে আৰু অঞ্চলটোৰ বাসিন্দাসকলক ঘটনাৰ বিষয়ে সোধপোছ কৰে৷

ইয়াৰ পিছতে আৰক্ষীয়ে জানিব পাৰে যে অঞ্চলটোৰ এটি পৰিয়াল ঘটনা সংঘটিত হোৱাৰ দিনৰ পৰাই সন্ধানহীন হৈ আছে৷ আৰক্ষীয়ে পৰিয়ালটোৰ ওপৰত সন্দেহ কৰি তদন্ত প্ৰক্ৰিয়া আগুৱাই নিয়াত সমগ্ৰ ঘটনা পোহৰলৈ আহে৷

ঘটনা সংঘটিত কৰি পলাই থকা মনজিৎ কৰকেট্টা নামৰ লোকজনৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাই পিছত দিল্লীৰ নিজা ফ্লেটৰ পৰা ধৃত লোকজনক আটক কৰিবলৈ সক্ষম হয়৷ আৰক্ষীৰ জেৰাত ধৃত মনজিতে এই কাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰি লয়৷