৪ খন ডাম্পাৰ জব্দ কৰাক লৈ ভূ-মাফিয়াৰ সৈতে খণ্ডযুদ্ধ
দুঘন্টা ধৰি ডি এফ অ’সহ অভিযানকাৰীক আৱদ্ধ
মিৰ্জাঃ দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত তথা পশ্চিম কামৰূপ বন সংমণ্ডলৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অধীনস্থ ধনতোলা আৰু সাতপখলী ৰাজহ গাঁৱৰ গো-চৰণীয়া পথাৰত সম্প্ৰতি দিনে নিশাই শ শ ডাম্পাৰৰ, জেচিবি, এক্সভেট'ৰৰ সহায়ত ২০/৩০ ফুট গভীৰ বৃহৎ আকাৰৰ পুখুৰী খান্দি অবৈধ খনন চলাই ভূ মাফিয়াই সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে।
স্থানীয় ৰাইজৰ কোনো অভিযোগক গুৰুত্ব প্ৰদান নকৰি আৰু সম্পূৰ্ণ ৰূপে বন আৰু ৰাজহ আইন ভংগ কৰি চলাই থকা এই অবৈধ খননৰ বিৰুদ্ধে বৃহস্পতিবাৰে পশ্চিম কামৰূপ বন সংমণ্ডলৰ ডিএফঅ’ ৰঞ্জন গোস্বামী আৰু দুজন এচিএফ দেৱেন কলিতা, গুনদ্বীপ দাস, কুলশী, বামুণিগাও, প্ৰ'টেকচন ৰেঞ্জৰ বিষয়া আৰু কৰ্মচাৰীৰ নেতৃত্বত এটা বৃহৎ বন বিভাগৰ দলে বিয়লি প্ৰায় চাৰি বজাত সাতপখলীৰ পথাৰত চলোৱা অবৈধ খনন স্থলীৰ পৰা শ শ ডাম্পাৰৰ জৰিয়তে মাটি কঢ়িওৱা প্ৰত্যক্ষ কৰি চাৰিখন চালান বিহীনভাৱে মাটি কঢ়িওৱা ডাম্পাৰ জব্দ কৰি আনিব খোজাত ভূ-মাফিয়া চক্ৰৰ প্ৰায় দুই শতাধিক লোকে বাটভেটি ধৰি বন বিভাগৰ দলটোক আৱদ্ধ কৰি ৰাখে।
সেই সময়ত বন বিভাগৰ বিষয়া তথা অভিযানকাৰী দলটোক আৰু তেওঁলোকৰ গাড়ীসমূহ আৱদ্ধ কৰি অবৈধ মাটি খনন চলোৱা চক্ৰই তীব্ৰ সংঘাতত লিপ্ত হৈ অশালীনভাৱে গালি-গালাজ কৰাতে ক্ষান্ত নাথাকি আক্ৰমণ কৰিবলৈ চেষ্টা চলায়। তীব্ৰ সংঘাতপূৰ্ণ অৱস্থাত বন বিভাগে এএছ-১৬-০৫১৩, এএছ -২৫-৮৮২৫, এএছ-০১ কেচি- ২৫৬২ আৰু এএছ- ০১-এইচ চি- ৫৫২৯ নম্বৰৰ অবৈধভাৱে মাটি কঢ়িয়াই অনা ডাম্পাৰ চাৰিখন জব্দ কৰাৰ লগতে উক্ত গাড়ী কেইখনৰ দুজন চালককো আটক কৰি লৈ আহিব খোজে।
এই কাৰ্যত ক্ষুণ্ণ হৈ অবৈধ খনন চলাই তথা ৰামপুৰ, বিজয়নগৰ, উপৰহালী, পলাশবাৰী, কুকুৰমাৰা আদি অঞ্চললৈ ৰাষ্ট্ৰীয় পথত সন্ত্ৰাস সৃষ্টি কৰি সৰবৰাহ কৰা ভূ-মাফিয়া চক্ৰই বন বিভাগৰ দলটোৰ ওপৰত জাঙুৰ খাই পৰে। জানিব পৰা মতে ঘটনাৰ সাম্ভাব্য বিষম ৰূপ দেখি ডিএফঅ' ৰঞ্জন গোস্বামীয়ে কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যক ফোনযোগে ঘটনা সন্দৰ্ভত অৱগত কৰাত তেওঁ পলাশবাৰী আৰু ছয়গাঁৱৰ ৰাজহ চক্ৰ বিষয়া ক্ৰমে সুস্বপ্না কাকতী আৰু প্ৰীতিৰেখা ভূঞা তথা পলাশবাৰী আৰু ছয়গাঁৱৰ আৰক্ষীক খবৰ দি ততালিকে সাতপখলীত অবৈধ খনন চলোৱা ঠাইলৈ যাবলৈ নিৰ্দেশ দিয়ে।
উল্লেখ্য যে বন বিভাগে এইদৰে অভিযান চলোৱাৰ খবৰ পাই অবৈধ খনন চলোৱা জেচিবি, এচকেভেটৰ আৰু মাটি কঢ়িওৱা ডাম্পাৰসমূহ ধনতোলাৰ ফালে থকা পথাৰৰ খাৱৈ আৰু বিৰিণাৰ মাজত লুকুৱাই থয়। যদিও পিছত পলাশবাৰী, বিজয়নগৰ, কুকুৰমাৰা আৰু ছয়গাঁও থানাৰ পৰা যোৱা আৰক্ষীৰ সহযোগত জব্দ কৰা ডাম্পাৰ চাৰিখন বন বিভাগে আনি সম্প্ৰতি কুকুৰমাৰা খণ্ড বন কাৰ্য্যালয়ত ৰখা বুলিি জানিব পৰা গৈছে।
উল্লেখ্য যে লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ ৰেঞ্জাৰ শান্তনু পাটোৱাৰীয়ে নিজৰ অধীনস্থ এলেকাত চলা এই অবৈধ খননৰ উপৰিও নহিৰা অঞ্চলৰ ব্ৰহ্মপুত্ৰ নদীৰ নিচেই কাষত থকা ইটা ভাটাৰ একাংশ মালিকে নদীৰ পাৰতে অবৈধ খনন চলাই থকা কাৰ্য মাজে সময়ে চাবলৈ আহি অবৈধ- মাটি কঢ়িওৱা ডাম্পাৰ বাটতে ধৰি বাটতৰ পৰাই যাবলৈ দি মুনাফা লৈ থকা বাবে এনে খনন বৃদ্ধি পাইছে বুলি অভিযোগ উত্থাপিত হৈছে। জানিব পৰা মতে নিজৰ বনাঞ্চলিক কাৰ্যালয়ৰ অধীনস্থ এলেকাত চলোৱা আজিৰ এই অভিযান কালতো এই গৰাকী ৰেঞ্জাৰ শান্তনু পাটোৱাৰীয়ে অংশ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে।