♦ প্ৰায় ৮০ লাখ টকাৰ মূল্যৰ অবৈধ চুপাৰিভৰ্তি দুখন ট্ৰাক জব্দ
♦ ট্ৰাকৰ সম্মুখভাগত "On army duty" বুলি লিখাক লৈ গভীৰ ৰহস্য
মিৰ্জাঃ বিজেপি নেতৃত্বাধীন চৰকাৰখনে সততে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ শ্ল’গান আওৰাই অহা হৈছে যদিও কাৰ্যতঃ ৰাজ্যত আজিও এই শূন্য সহনশীলতাৰ অভাৱ পৰিলক্ষিত হৈছে। তাৰেই যেন এক প্ৰমাণ পোৱা গ'ল মঙলবাৰে নিশা দক্ষিণ কামৰূপৰ বাণিজ্যৰ কেন্দ্ৰস্থল বিজয়নগৰত।
দক্ষিণ কামৰূপৰ ব্যৱসায়ৰ হৃদপিণ্ডস্বৰূপ তথা চুপাৰি চিণ্ডিকেটৰ বৃহৎ ঘাটিৰূপে পৰিচিত বিজয়নগৰত বিক্ৰীকৰ বিভাগে গোপন সূত্ৰৰ পম খেদি জব্দ কৰে অবৈধ চুপাৰিভৰ্তি দুখন ট্ৰাক । DL01GC5347 আৰু HR38S6157 নম্বৰৰ প্ৰায় ৮০ লাখ টকা মূল্যৰ চুপাৰি ভৰ্তি ট্ৰাক দুখন বিজয়নগৰৰ মাৰোৱাৰী বস্তিৰপৰা জব্দ কৰে আয়কৰ বিভাগে।
অভিযোগ অনুসৰি প্ৰায়েই এই বিজয়নগৰৰ মাৰোৱাৰী বস্তিৰপৰা স্থানীয় চুপাৰি মাফিয়া জৈন আৰু আগৰৱালা উপাধিৰ একাংশ চুপাৰি মাফিয়াই বিজয়নগৰ আৰক্ষীক মেনেজ কৰি অবৈধভাৱে বহিৰাজ্যলৈ নিৰ্বিঘ্নে সৰবৰাহ কৰি আহিছে চুপাৰী ব্যৱসায়।
কালি জব্দ কৰা এই ৮০ লাখ টকীয়া চুপাৰিখিনিও দুখন ট্ৰাকেৰে বিজয়নগৰ আৰক্ষীক মেনেজ কৰি মাফিয়া চক্ৰই লৈ যোৱাৰ প্ৰস্তুতি চলাইছিল।
উল্লেখ্য যে বহুবাৰ স্থানীয় দল-সংগঠনে এই চুপাৰি ছিণ্ডিকেটৰ বিৰুদ্ধে প্ৰশাসনক অভিযোগ দি আহিছিল যদিও দল-সংগঠনৰ অভিযোগক আওকাণ কৰি বিজয়নগৰ আৰক্ষীয়ে চুপাৰি মাফিয়াৰ পক্ষ লৈ ওলোতাই অভিযোগকাৰীক অপৰাধী সজাই জে’ললৈ প্ৰেৰণ কৰাৰ ভাবুকিও দিয়ে।
যোৱা ২৬ এপ্ৰিলত স্থানীয় উপৰহালী ৰঙালী বিহু সন্মিলনৰ সাধাৰণ সম্পাদক বিপ্লৱ কুমাৰ তালুকদাৰে দুখন নৈশ বাছত জিএছটি ফাঁকি দি পশ্চিম গাৰোপাহাৰৰ ফুলবাৰী থানাৰ অন্তৰ্গত কাইবাটাপাৰাৰ আকিৰুল ইছলাম নামৰ এজন চুপাৰি মাফিয়াক ৰক্ষণাবেক্ষণ দি আৰক্ষীয়ে ৰঙালী বিহুৰ সম্পাদকগৰাকীক ডকাইত সজাই জে’ললৈ প্ৰেৰণ কৰিছিল।
এনেকৈ আৰক্ষীৰ পূৰ্ণ সহযোগত বিজয়নগৰত এটা ব্যৱসায়িক সম্প্ৰদায়ক লজ্জানত কৰি একাংশ চুপাৰি মাফিয়াই মুকলিভাৱে চুপাৰিৰ কোটি টকীয়া জিএছটি ফাঁকিৰে ৰমৰমীয়া ব্যৱসায় চলাই থকা কাৰ্যৰ ভিজিলেঞ্চ পৰ্যায়ত তদন্ত হোৱাটো বিচাৰিছে স্থানীয় ৰাইজে।
উল্লেখ্য যে বিক্ৰীকৰ বিভাগে কালি জব্দ কৰা উক্ত চুপাৰিভৰ্তি ট্ৰাক দুখনৰ সম্মুখৰ গ্লাছ এখনত আঠা লগোৱা কাগজত স্পষ্টকৈ লিখা আছিল "on army duty" বুলি।
এতিয়া প্ৰশ্ন হয় এই চুপাৰি ব্যৱসায়ীয়ে অতি কৌশলেৰে এনেদৰে "on amry duty" বুলি লিখি এইদৰে ব্যৱসায় কৰি আছে নে এই ক’লা ব্যৱসায়ৰ লগত আৰ্মীও জড়িত হৈ আছে, তাক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে।
অৱেশ্যে জব্দাকৃত উক্ত ট্ৰাক দুখন সন্দৰ্ভত অধিক তথ্য সংগ্ৰহৰ স্বাৰ্থত আয়কৰ বিভাগে সাংবাদিকক তথ্য দিয়াৰপৰা বিৰত থাকে। বৰ্তমান জব্দাকৃত ট্ৰাক দুখন বিক্ৰীকৰ বিভাগৰ জিম্মাত ৰখা হৈছে।
আনহাতে বিক্ৰিকৰ বিভাগৰ একাংশ বিষয়াই বিজয়নগৰলৈ আহি এই চুপাৰি মাফিয়াৰ লগত গোপন হলি-গলি কৰাৰো অভিযোগ আছে। উল্লেখ্য যে বিজয়নগৰত এইদৰে কোটি টকীয়া চুপাৰিৰ ছিণ্ডিকেট কাৰ আশীৰ্বাদত মাফিয়া কায়দাৰে দিৰ্ঘদিন চলাই আহিছে তাৰ তদন্ত হ’বনে বুলিও ৰাইজে প্ৰশ্ন তুলিছে।