খৈৰাবাৰীঃ সংলিষ্ট কৰ্তৃপক্ষৰ অনীহাত কেনেদৰে ৰাজহুৱা ধনৰ অপচয় ঘটে তাৰ এক তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে খৈৰাবাৰীত৷ খৈৰাবাৰীস্থিত ত্ৰিশখন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ৰ চিকিৎসক নাৰ্ছ আৰু কৰ্মচাৰীৰ বাবে এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বৃহৎ অট্টালিকাটো বিগত পাঁচবছৰে পৰিত্যক্ত  হৈ আছে ৷

ইয়াৰ কাৰণ হৈছে ঠিকাদাৰ শৈলেন শৰ্মাই ভৱনটোৰ নিৰ্মাণ সম্পূৰ্ণ নকৰাতো৷ আশ্বৰ্যজনকভাৱে এই ক্ষেত্ৰত  স্বাস্থ্য বিভাগে ঠিকাদাৰজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই৷ ফলত ভৱনটো ভূত বাংলাত পৰিণত হৈছে৷ পৰিত্যক্ত ভৱনটোৰ ভিতৰত প্ৰায় ৪০/৫০ বেগ চিমেন্ট পৰিত্যক্ত অৱস্থাত আছে ৷

উল্লেখ্য যে সুদীৰ্ঘ প্ৰায় বাৰ বছৰে খৈৰাবাৰী ত্ৰিছ খন বিচনাযুক্ত গ্ৰামীণ চিকিৎসালয়ত আজি লৈকে এজনো চিকিৎসক নিযুক্ত হোৱা নাই৷  এইক্ষেত্ৰত স্বাস্থ্য বিভাগ কুম্ভ কৰ্ণ নিদ্ৰাত থকা পৰিলক্ষিত হৈছে ৷