বাহাকাবাৰীঃ আদৰ্শ গাঁৱলৈ নাহিব৷ আদৰ্শ গাঁৱৰ পথত এতিয়া বোকা আৰু পানী৷ এজাক বৰষুণ দিলেই আদৰ্শ গাঁৱৰ পথত কঠিয়া ৰুব পৰা হয়।
নগাঁও জিলাৰ বগলাজান আদৰ্শ গাঁৱৰ পথত এতিয়া বোকা আৰু পানী৷ এজাক বৰষুণতে পানী উঠা পথ নিৰ্মাণৰ বাবে চৰকাৰে আৱন্টন দিছিল টকা। কিন্তু নিৰ্মাণৰ নামত শিল আৰু মাটি ছটিয়াইয়ে দায়িত্ব সামৰে বগলাজান পঞ্চায়তে।
ৰহা খণ্ড উন্নয়ন বিষয়াই গাঁওসমূহৰ পথৰ নিৰ্মাণৰ নীৰিক্ষণ নকৰাকৈয়ে লাখ লাখ টকা পঞ্চায়তৰ কৰ্মীসকলক মোকলাই দিয়াৰ অভিযোগ উঠিছে।
বিকাশৰ শ্লোগান দিয়া গগৈ চৰকাৰৰ পঞ্চায়তবোৰত লাখ লাখ টকাৰ দুৰ্নীতি কৰি বিষয়া-পঞ্চায়ত কৰ্মীসকলে নিজৰ উন্নয়নত উঠি পৰি লগাৰ পিছতো বৰ্তমানৰ পৰিৱৰ্তনকামী চৰকাৰে নিৰীক্ষণ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷
ৰাইজে একেটা পথৰ নামত পৰিকল্পনা নং এক, দুই নাম দি কাগজে-পত্ৰই কাম সম্পূৰ্ণ কৰা দেখুৱাই যদিও প্ৰকৃততে তাত নাম মাত্র কাম কৰি লাখ লাখ টকা হৰলুকী কৰা বুলি দাবী কৰিছে।
ৰহা উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তাৰ সহযোগত এই দুৰ্নীতি সংঘটিত হৈছে বুলি ৰাইজে অভিযোগ কৰে। বগলাজান আদৰ্শ গাঁৱৰ জৰাজীৰ্ণ বোকা-পানীময় পথেৰে বাহাকাবাৰী শংকৰদেৱ শিশু নিকেতনৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বগলাজান বাহাকাবাৰীৰ একমাত্ৰ খেল পথাৰত যুৱকসকলে খেলিবলৈ যায়।