newsnextone.com | ডিজিটেল ডেস্কঃ বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী লোকৰ তালিকাত সন্নিবিষ্ট হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নাম৷ জনপ্ৰিয় ‘ফ’ৰ্বছ’ আলোচনীয়ে প্ৰস্তুত কৰা বিশ্বৰ ৭৫ গৰাকী আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ এখন তালিকাত নৱম স্থান অধিকাৰ কৰে নৰেন্দ্ৰ মোডীয়ে৷ আনহাতে তালিকাখনৰ প্ৰথম স্থান দখল কৰে চীন ৰাষ্ট্ৰপতি চি জিনপিংগ৷ তেওঁ ৰুছ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনক আঁতৰাই পুনৰ বিশ্বৰ প্রভাৱশালী লোকৰ মাজত শীৰ্ষত উপবিষ্ট হয়৷
চীন ৰাষ্ট্ৰপতি জিনপিংগ বিগত চাৰি বছৰ একেধাৰে প্ৰভাৱশালী ব্যক্তিৰ তালিকাখনৰ শীৰ্ষস্থানত অধিষ্ঠিত হৈ আহিছে৷ তাৰ বিপৰীতে দ্বিতীয় স্থান লাভ কৰি আহিছে ৰুছ ৰাষ্ট্ৰপতি পুটিনে৷ আনহাতে তালিকাখনৰ তৃতীয় স্থানত আমেৰিকান ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প, চতুৰ্থ স্থানত এঞ্জেলা মৰ্কেল আৰু পঞ্চম স্থানত এমেজন কম্পেনীৰ স্বত্বাধিকাৰী জেফ বেজোশ অধিষ্ঠিত হৈ আছে৷
আনহাতে মোডীৰ পিছত ফেছবুকৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গ (১৩ সংখ্যক), বৃটেইনৰ প্ৰধানমন্ত্ৰী থেৰেছা মে (১৪), চীনৰ প্ৰধানমন্ত্ৰী লী ক্কিংগ (১৫) আৰু এপ’লৰ মুখ্য কাৰ্যবাহী বিষয়া টিম কুক (২৪)ক তালিকাভুক্ত কৰা হৈছে৷
ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজৰ চেয়াৰমেন মুকেশ আম্বানী এই তালিকাত মোডীৰ বাহিৰে স্থানপ্ৰাপ্ত একমাত্ৰ ভাৰতীয়৷ আনহাতে মাইক্ৰ’চফ্ট কোম্পেনীৰ মুখ্য কাৰ্যবাহী বিষয়া ভাৰতীয় মূলৰ সত্য নডেলাই তালিকাখনৰ ৪০ সংখ্যক স্থান লাভ কৰিছে৷
ফ’ৰ্বছ-এ কয়, ‘পৃথিৱীত প্ৰায় ৭.৫ বিলিয়ন লোকে বসবাস কৰে৷ কিন্তু ইয়াৰ ভিতৰত ৭৫ গৰাকী পুৰুষ আৰু মহিলাই সমাজ পৰিবৰ্তনৰ বাবে কাম কৰিছে৷ ফ’ৰ্বছে দুনীয়াৰ সবাতকৈ প্ৰভাৱশালী লোকক তালিকাভুক্ত কৰাৰ বাবে প্ৰতি ১০ কোটি জনংসখ্যাৰ পৰা সমাজত মহত্বপূৰ্ণ অবদান থকা এজন লোকক নিৰ্বাচন কৰে৷’
নৰেন্দ্ৰ মোডী সম্পৰ্কে ফ’ৰ্বছে কয় যে নৰেন্দ্ৰ মোডী বিশ্বৰ দ্বিতীয়খন সৰ্বাধিক জনসংখ্যাপূৰ্ণ দেশৰ লোকপ্ৰিয় ব্যক্তি৷ তেওঁ দেশত দুৰ্নীতি আৰু ক’লা ধনৰ বিৰুদ্ধে ২০১৬ চনত নোটবন্দী কৰিছিল৷
আনহাতে ফ’ৰ্বছ আলোচনীৰ ২০১৮ৰ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত ১৭ গৰাকী নতুন লোক সংযোজন কৰা হৈছে৷ ইয়াৰ ভিতৰত চৌদী আৰৱৰ ৰাজকুমাৰ মোহম্মদ বিন চলমান খান অল চাউদ (৮ম স্থান), পোপ ফ্ৰান্সিছ (৬ষ্ঠ স্থান), বিল গেটছ (৭ম স্থান), ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমেনুএল মৈক্ৰ’ (১২) আৰু আলিবাবাৰ প্ৰধান জেক মা (২১) তালিকাভূক্ত হৈছে৷